Skip to content
বিজেপিৰ দখলত থকা উজনিৰ বহু সমষ্টিত চকু অগপৰ
উজনিৰ চাৰি জিলাত সভাপতি অতুল বৰাৰ ৰুদ্ধদ্বাৰ বৈঠক
চাইন অন ডেস্ক:

সমাগত ‘২৬ৰ নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনক লৈ কঁকালত টঙালী বান্ধিছে অসম গণ পৰিষদ। বিজেপিৰ দখলত থকা উজনিৰ বহু সমষ্টিত চকু মিত্ৰদল অগপৰ। এই উদ্দেশ্যৰে উজনিৰ চাৰিখন জিলাত দলীয় নেতা-কৰ্মীসকলৰ সৈতে পৃথকে পৃথকে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অগপৰ সভাপতি অতুল বৰা।বিশেষকৈ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত অগপৰ নেতা-কৰ্মীসকলৰ সৈতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচন আৰু মিচিং আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়।
ডিব্ৰুগড় চৌকিডিঙ্গীস্থিত অগপৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকৰ পূৰ্বে অগপৰ সভাপতি অতুল বৰাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰী অতুল বৰাই জানিবলৈ দি কয় যে, তৃণমূল কৰ্মীসকল অসম গণ পৰিষদৰ শক্তিৰ আধাৰ। বিধানসভা নিৰ্বাচনৰ লগতে স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে এই সভাত নিৰ্বাচনৰ বাবে সাজু হৈ থকাৰ আহ্বান জনাইছে মন্ত্ৰী অতুল বৰাই। তৃণমূল কৰ্মীসকল সক্ৰিয় হৈ থাকিলে দলৰ সংগঠন শক্তিশালী হৈ থাকিব বুলি উল্লেখ কৰে। মিত্ৰতা ধৰ্ম পালন কৰি মূল শক্ৰক পৰাস্ত কৰিব পৰাকৈ সাজু হোৱা বুলি উল্লেখ কৰি অতুল বৰা দলৰ কৰ্মীসকলক জনসংযোগ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

ইফালে এই সংবাদমেলত মন্ত্ৰী অতুল বৰাই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দি কয়, অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ দিনাই অনুষ্ঠিত হ’ব এই সন্মিলন। ১৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰিব উত্তৰ-পূৱৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি। ২০২৬ চনৰ নিৰ্বাচনত বিজেপিৰে আসন ভাগ-বটোৱাৰা প্ৰসংগক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই এই প্ৰসংগত কয় যে, আসন ভাগ-বটোৱাৰাক লৈ এতিয়াও আলোচনা হোৱা নাই। আসন দিয়া আৰু বিচৰা এই দুয়োটা নিৰ্ভৰ কৰিব জিকাৰ সম্ভাৱনীয়তাৰ ওপৰত। ডিব্ৰুগড়ত জিকাৰ সম্ভাৱনীয়তা থাকিলে ডিব্ৰুগড়তে আমি খেলিম। গতিকে আমাৰ মূল শক্ৰ হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ লগত থকা তথাকথিত আঞ্চলিক ৰাজনৈতিক দলসমূহ আমাৰ শক্ৰ।
অসমত আজি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাই। মন্ত্ৰী বৰাই কয় যে, গান্ধী পৰিয়াল অসমলৈ অহাটো নতুন একো কথা নহয়। এই দলটো হৈছে এটা পৰিয়ালকেন্দ্ৰীক দল। ৰাহুল গান্ধী আহিছে, যাব আমাৰ একো আহে নাযায়। এটা সময়ত গান্ধী পৰিয়ালেইটো দেশখন ৰাজ কৰিছিল। দেশৰ অংগ ৰাজ্য অসমতো দীৰ্ঘবছৰ ধৰি শাসন কৰিছিল। কংগ্ৰেছে ৰাজ্যবাসীক কৰা অন্যায় কোনোদিন নাপাহৰে। খিলঞ্জীয়াক কৰা অন্যায়ৰ প্ৰায়চিত্ত এতিয়াও আমি কৰিব পৰা নাই। কংগ্ৰেছৰ বিভাজনকামী নীতিৰ বাবে অসমৰ বহু জিলা পৃথক ৰাজ্যলৈ উন্নীত হ’ল। ইফালে বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যক ৰাজ্যসভালৈ প্ৰেৰণ কৰা সন্দৰ্ভতো পুনৰ দোহাৰিলে মন্ত্ৰী বৰাই। এই বিষয়ত মন্ত্ৰী অতুল বৰাই কয় যে, অতুল বৰা-কেশৱ মহন্তৰ বিৰুদ্ধে পুৰণি মানুহবিলাকক খেদিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উঠে। আকৌ তেনে মানুহক ল’লে নতুন মানুহক গুৰুত্ব নিদিয়ে বুলি অভিযোগ আনে। এইবোৰ কথা দলৰ ভিতৰত নহয়। এইবিলাক দুই-এজন মানুহে কোৱা কথা।
বীৰেন্দ্ৰ কুমাৰ বৈশ্যক আজিৰ দিনত দলত প্ৰয়োজন আছে কাৰণে ৰাজ্যসভালৈ পঠাইছো। দলৰ মজিয়াত লোৱা সিদ্ধান্ত অনুসৰিহে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে বীৰেন্দ্ৰ কুমাৰ বৈশ্যক।
উল্লেখ্য যে, আজি ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰত দলীয় নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হব অগপৰ সভাপতি অতুল বৰাই। এই বৈঠকত বিধায়ক প্ৰদীপ হাজৰিকা, পোনাকন বৰুৱা, অগপৰ উপ-সভাপতি সুনীল ৰাজকোঁৱৰ, জিলা সভাপতি আদিত্য গোস্বামী আদিকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।