১৩ বছৰীয়া অদম্য অনুসন্ধানৰ অন্তত বিজ্ঞানীৰ সফলতা
অতি দুৰ্লভ, দুস্প্ৰাপ্য ফুল “ৰেফ্লেছিয়া হাচেলটি” আবিস্কাৰ
চাইন অন ডেস্ক:
অক্লান্ত পৰিশ্ৰম, অপৰিসীম ধৈৰ্য্য, সাহস আৰু আত্মবিশ্বাসে লক্ষ্য-উদ্দেশ্যত উপনীত হোৱাত সহায় কৰে।নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অন্তত যেতিয়া লক্ষ্য-উদ্দেশ্যত সফল হয়,তেতিয়াই সীমাহীন আনন্দৰ চকুলো বৈ আহে অজানিতেই। এক
১৩ বছৰীয়া অদম্য অনুসন্ধানৰ অন্তত, অৱশেষত বিজ্ঞানী আৰু সংৰক্ষণবিদসকলে পশ্চিম সুমাত্ৰাৰ বাঘৰ বিচৰণস্থলী বৰ্ষাৰণ্যৰ গভীৰতাত ফুলি থকা অতি দুৰ্লভ, দুস্প্ৰাপ্য ফুল “ৰেফ্লেছিয়া হাচেলটি” দেখা পালে — যিটো মুহূৰ্তই বিশ্বৰ অন্যতম বিৰল উদ্ভিদৰ বাবে এক আশাৰ সঞ্চাৰ পুনৰাই জগাই তুলিলে।এই আৱিষ্কাৰে উদ্ভিদ বিজ্ঞানী সকলক যথেষ্ট আৱেগিক কৰি তুলিছিল।গৱেষক দলটো ইমানেই একাকীত্ব হৈ পৰিছিল যে ৰাতিৰ চালিৰ তলত ফুলপাহৰ পাহিবোৰ উন্মোচিত হোৱাটো নিজেই চাইছিল আৰু এজন জীৱবিজ্ঞানীয়ে ফুলটো নিজৰ চকুৰে দেখি চকুলোৰ বান্ধ ভাঙি আহিছিল।এই প্ৰজাতিটো —এবিধ পৰজীৱী উদ্ভিদ যিয়ে জীৱনৰ বেছিভাগ সময় বিভিন্ন লতা গছৰ ভিতৰত লুকাই থাকে আৰু মাত্ৰ অলপ সময়ৰ বাবেহে ফুলে — মানুহে খুব কমেইহে দেখা পায়। ইয়াৰ অভাৱনীয় জীৱনচক্ৰ আৰু সংকুচিত হোৱা বাসস্থানে এনে দৃশ্যক অত্যন্ত অস্বাভাৱিক কৰি তুলিছিল।এই আৱিষ্কাৰে কেৱল প্ৰকৃতিৰ যাদুক উজ্জ্বল কৰি তোলাই নহয় — ই ভংগুৰ বৰ্ষাৰণ্যৰ পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু “ৰেফ্লেছিয়া হাচেলটি”ৰ দৰে বিৰল প্ৰজাতিয়ে যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই থকাৰ সুযোগ পায়,তাকেই বিজ্ঞানী সকলে কামনা কৰিছে।
