খোৱাং সমষ্টিত আটছাৰ সাধাৰণ সভা
বিবেক ভোটেৰে চক্ৰধৰ গগৈ-বিনোদ হাজৰিকাক উৎখাত কৰাৰ আহ্বান
ডিব্ৰুগড় ২৪ মাৰ্চ:-
অসম চাহ জনজাতি ছাত্ৰ সন্হা চমুকৈ আটছাৰ এখন সাধাৰণ সভা কালি লেপেটকটা চাহ বাগিচাত অনুষ্ঠিত হয়।আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য বাখ্যা কৰে আটছা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক চনু উৰাঙে।আটছা জিলাৰ সমিতিৰ নটা শাখা ক্ৰমে বৰবৰুৱা,মৰাণ,লাহোৱাল,চাবুৱা,ৰাজগড়,নাহৰকটীয়া,দুলিয়াজান,ডিব্ৰুগড় আৰু টেঙাখাত শাখাৰ সভাপতি/সম্পাদক তথা জিলা বিষয়ববীয়া উপস্থিত থকা সভাখনত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সমাগত নিৰ্বাচনত চাহ শ্ৰমিকক লৈ প্ৰলোভনৰ ৰাজনীতি নকৰিবলৈ শাসকীয় দলক আটছাই সকীয়াই দিয়ে।সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে
বিধান সভা নিৰ্বাচনত অৰাজনৈতিক চৰিত্ৰ বজাই ৰাখি আটছাই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে ৰাজনৈতিক দলৰ ভূৱা প্ৰতিশ্ৰুতি আৰু প্ৰলোভনত ভূল নগৈ বিবেক ভোটেৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আটছা নেতাজনে চাহ শ্ৰমিক ৰাইজৰ প্ৰতি আহ্বান জনায়।আনহাতে আটছানেতা লখিন্দৰ কুৰ্মিয়ে চাহ জনগোষ্ঠী ভোটাৰে নিণায়ক ভূমিকা গ্ৰহণ কৰা খোৱাং আৰু চাবুৱা-লাহোৱাল সমষ্টিত চাহ শ্ৰমিকৰ মাটি-ভেটি ৰক্ষাৰ কৰাত বিধায়ক চক্ৰধৰ গগৈ আৰু বিনোদ হাজৰিকাই চূড়ান্ত অৱহেলা কৰা বুলি ক্ষোভ প্ৰকাশ কৰি আটছানেতাজনে পুনৰ কয় যে চক্ৰধৰ গগৈ দুৱাৰকৈ চাহ জনগোষ্ঠীৰ সমৰ্থনত শ্ৰমিকৰ ভোট লৈ বিধায়ক নিৰ্বাচিত হ’ল কিন্তু চাহ বাগিচাৰ ভূমি ৰক্ষা কৰাৰ বাবে কোনো দিনেই বিধান সভাত মাত নেমাতিলে,আনকি বিধায়ক গৰাকীৰ পৃষ্ঠ-পোষকতাত বলাই চাহ বাগিচাৰ ৩৩০ বিঘা ভূমিৰ চাহগছ উচ্ছেদ কৰি শ্ৰমিকৰ অধিকাৰপ্ৰদত্ত ভূমি পুঁজিপতিক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল, সূৰুজ চাহ বাগিচাৰ ৭০ বিঘা চাহম্যদী ভূমি মাটি দালালৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ অথবা সূৰুজ চাহ বাগিচাৰ কোনো ধৰণৰ কিনা বেচা নোহোৱাকে ৰাষ্ট্ৰীয় ঘাইপথৰ ৭০ লাখ টকা ক্ষতিপূৰণ কেনেকৈ মালিকৰ অবিহনে দুজন মাটি দালালে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা মুকলাই নিলে তাৰ ওপৰত এটা তদন্ত ঘোষণা কৰাবলৈ সাহস চক্ৰধৰ গগৈৰ নহ’ল বুলি আটছানেতা লখিন্দৰ কুৰ্মিয়ে উল্লেখ কৰে। চাহ শ্ৰমিকৰ ভোট লৈ চক্ৰধৰ গগৈয়ে কেবল মাটি দালাল আৰু পুঁজিপতিৰ বাবে কাম কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি দহ বছৰে চক্ৰধৰ গগৈয়ে চাহ শ্ৰমিকক কৰা অন্যায়ৰ প্ৰতিশোধ ভোটেৰে লবলৈ খোৱাং সমষ্টিবাসীৰ প্ৰতি আটছা নেতাজনে আহ্বান জনায়।ইফালে চাহ জনগোষ্ঠী লোকে নিৰ্ণায়ক ভূমিকা লোৱা চাবুৱা-লাহোৱাল সমষ্টিতো বিধায়ক বিনোদ হাজৰীকাই দহ বছৰে চাহ শ্ৰমিকক চৰম প্ৰতাৰণা কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে আটছা নেতা লখিন্দৰ কুৰ্মিয়ে।বিধায়ক বিনোদ হাজৰিকাই বকুল চাহ বাগিচাৰ শ শ বিঘা ভূমিৰ অবৈধ দখল উচ্ছেদ কৰা তথা হাতীগড় চাহ বাগিচা,ঘগ্ৰাজান চাহ বাগিচা,সৌৰভ চাহ বাগিচা আৰু বৃদ্ধা চাহ বাগিচাত মালিকপক্ষই খণ্ড খণ্ড কৈ কৰা অবৈধ বাগিচাৰ মাটি বিক্ৰী বন্ধ কৰাৰ ক্ষেত্ৰতো কোনো দিনে বিধান সভাত বিনোদ হাজৰীকাই মাত নেমাতিলে বুলি উল্লেখ কৰি বৰ্তমান চাবুৱাৰ বালিজান চাহ বাগিচাৰ গঢ়াখহনীয়া ভংয়কৰ ৰূপ ধাৰণ কৰিছে,ব্ৰক্ষ্মপুত্ৰ ভয়াৱহ গঢ়াখহনীয়াত বাগিচাখনৰ ৭০ শতাংশ চাহ বাগান বক্ষ্মপুত্ৰৰ বুকুত জাহগল যদিওঁ বিগত দহ বছৰে বিধায়ক গৰাকীয়ে একোৱেই নকৰিলে বুলি আটছা নেতা লখিন্দৰ কুৰ্মিয়ে ক্ষোভ প্ৰকাশ কৰে।এই গৰাকী আদৰ্শহীন নেতা পুনৰ বিধায়ক নিৰ্বাচিত হলে চাবুৱা-লাহোৱাল সমষ্টিৰ চাহ বাগিচা আৰু চাহ শ্ৰমিকৰ ভূমিৰ ওপৰত মাটি দালাল আৰু পুঁজিপতিৰ লুণ্ঠনৰাজ চলিব বুলি আটছানেতাজনে শংকা ব্যক্ত কৰে।