সমগ্ৰ অসমত AASUৰ অনশন কাৰ্যসূচী
ডিব্ৰুগড়:

অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি সমগ্ৰ অসমতে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।
ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত।আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্মঘট বিয়লি ৫ বজালৈকে চলিব।
