...

ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ এক অনন্য নিদৰ্শন

ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ এক অনন্য নিদৰ্শন

গৌৰীপুৰৰ শতবৰ্ষীয় হাৱা মহলৰ পুনৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম

ধুবুৰী, ১৬ জুলাই

গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী, প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবোগৰ ঐতিহাসিক ‘হাৱা মহল’ হাৱা মহল’ পুনৰ লাভ কৰিছে নতুন জীৱনৰ স্পৰ্শ। গদাধৰ নৈৰ শান্ত সোঁতলৈ চাই মাটিয়াবাগৰ এটি সৰু টিলাৰ ওপৰত থিয় হৈ থকা শতাধিক বছৰৰ ইতিহাস বহন কৰা এই ৰাজপ্ৰাসাদ কেৱল গৌৰীপুৰ ৰাজপৰিয়ালৰ বাসস্থানেই নহয়, অসমীয়া সংস্কৃতি, সংগীত, স্থাপত্য আৰু ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰো এক অমূল্য সম্পদ। উল্লেখ্য যে, গৌৰীপুৰৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ উদ্যোগত ১৯০৪ চনত এই ৰাজপ্ৰাসাদৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় আৰু প্ৰায় দহ বছৰৰ অধ্যৱসায়ৰ অন্তত ১৯১৪ চনত সম্পূৰ্ণ হয়। তেতিয়াৰ সময়ত প্ৰায় ৩.৪০ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এই মহল কলকাতাৰ চায়না টাউনৰ পৰা অনা দক্ষ চীনা কাৰিকৰসকলে নিৰ্মাণ কৰিছিল। হিন্দু, মোগল আৰু ব্ৰিটিছ ঔপনিৱেশিক স্থাপত্যশৈলীৰ অনন্য সংমিশ্ৰণেৰে গঢ়ি তোলা হাৱা মহলৰ কাঠৰ সূক্ষ্ম খোদিত বাৰান্দা, অলংকৃত লোহাৰ কাৰুকাৰ্য, উচ্চ ছাদ আৰু অসংখ্য খিৰিকীয়ে গদাধৰ নৈৰ পৰা অহা শীতল বতাহক স্বাভাৱিকভাৱে গৃহত প্ৰৱেশ কৰিবলৈ সুবিধা দিছিল। এই বৈশিষ্ট্যৰ বাবেই ইয়াৰ নামকৰণ কৰা হয় ‘হাৱা মহল’।আৰম্ভণিতে গৌৰীপুৰ ৰাজপৰিয়ালৰ অতিথিশালা আৰু গ্ৰীষ্মকালীন অৱকাশ কেন্দ্ৰ হিচাপে ব্যৱহৃত হোৱা এই মহলত সংৰক্ষিত আছিল বহু মূল্যবান তেলচিত্ৰ, ঐতিহাসিক আলোকচিত্ৰ, দুষ্প্ৰাপ্য আসবাব-পত্ৰ, ঐতিহ্যবাহী অস্ত্ৰ-শস্ত্ৰ আৰু বৰুৱা ৰাজবংশৰ ইতিহাস বহন কৰা বহু অমূল্য সম্পদ।
সময়ৰ সৈতে হাৱা মহল পশ্চিম অসমৰ সাংস্কৃতিক কেন্দ্ৰত পৰিণত হয়। ভাৰতীয় চলচ্চিত্ৰ জগতৰ কিংবদন্তি পৰিচালক তথা অভিনেতা প্ৰমথেশ চন্দ্ৰ বৰুৱা, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে, লগতে বিশ্ববিখ্যাত হাতী সংৰক্ষণবিদ পাৰ্বতী বৰুৱাৰ সৈতে এই মহলৰ স্মৃতি অংগাংগিভাৱে জড়িত। বিভিন্ন সময়ত মহানায়ক উত্তম কুমাৰ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাকে ধৰি সাহিত্য, সংগীত আৰু চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট ব্যক্তিত্বই এই ঐতিহাসিক প্ৰাসাদ ভ্ৰমণ কৰিছিল। স্বাধীনতাৰ পাছত জমিদাৰী প্ৰথা বিলুপ্ত হোৱাৰ লগে লগে ৰাজপ্ৰাসাদটোৱে ধীৰে ধীৰে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰে। দীৰ্ঘদিন ধৰি সংৰক্ষণৰ অভাৱত অসমৰ অন্যতম ঐতিহ্যমণ্ডিত এই স্থাপত্য নিদৰ্শন বিপন্ন হৈ পৰাত ইতিহাসবিদ আৰু ঐতিহ্য সংৰক্ষণবিদসকলে ইয়াক ৰক্ষাৰ দাবী উত্থাপন কৰি আহিছিল।এই ক্ষেত্ৰত ২০২৩ চনৰ জানুৱাৰী মাহত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে অসম চৰকাৰে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ এক সিদ্ধান্ত মৰ্মে প্ৰায় ১৫.২০ কোটি টকা ব্যয় কৰি চৰকাৰে গৌৰীপুৰ ৰাজপৰিয়ালৰ পৰা মাটিয়াবাগ সম্পত্তি অধিগ্ৰহণ কৰে। এই অধিগ্ৰহণৰ অন্তৰ্গত আছিল হাৱা মহলৰ লগতে দুষ্প্ৰাপ্য তেলচিত্ৰ, পাণ্ডুলিপি, আলোকচিত্ৰ, আসবাব-পত্ৰ, অস্ত্ৰ-শস্ত্ৰ আৰু ৰাজপৰিয়ালৰ সৈতে জড়িত বহু ঐতিহাসিক সামগ্ৰী। বৰ্তমান সংস্কৃতি বিভাগৰ তত্ত্বাৱধানত বৈজ্ঞানিক পদ্ধতিত ৰাজপ্ৰাসাদটোৰ ব্যাপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্য চলি আছে। মূল স্থাপত্যৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি চলি থকা পুনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণতাৰ দিশে আগবাঢ়িছে। পুনৰুদ্ধাৰ সম্পূৰ্ণ হোৱাৰ পিছত হাৱা মহলত প্ৰমথেশ চন্দ্ৰ বৰুৱা, প্ৰতিমা বৰুৱা পাণ্ডে আৰু গৌৰীপুৰ ৰাজপৰিয়ালৰ স্মৃতিত এক আধুনিক সংগ্ৰহালয় স্থাপন কৰা হ’ব। ইয়াৰ লগতে পশ্চিম অসমৰ ইতিহাস, সংস্কৃতি আৰু লোকঐতিহ্যকো সুন্দৰভাৱে উপস্থাপন কৰা হ’ব। বৰ্তমান প্ৰথম পৰ্যায়ৰ পুনৰুদ্ধাৰ কাৰ্য প্ৰায় শেষৰ ফালে যদিও সংগ্ৰহালয়, উদ্যান সজ্জা আৰু পৰ্যটক সুবিধাৰ কাম অব্যাহত থকাৰ বাবে হাৱা মহল সাধাৰণ দৰ্শনাৰ্থীৰ বাবে এতিয়াও মুকলি কৰা হোৱা নাই। সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছত এই ঐতিহাসিক ৰাজপ্ৰাসাদ অসমৰ অন্যতম শ্ৰেষ্ঠ ঐতিহ্য পৰ্যটন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আশা কৰা হৈছে। এশ বছৰৰো অধিক সময় ধৰি গদাধৰ নৈৰ পাৰত নীৰৱ সাক্ষী হৈ থিয় হৈ থকা হাৱা মহলৰ পুনৰুজ্জীৱন কেৱল এটা ৰাজপ্ৰাসাদৰ পুনৰুদ্ধাৰ নহয়, ই অসমৰ সমৃদ্ধ ইতিহাস, সংস্কৃতি, সংগীত আৰু চলচ্চিত্ৰ ঐতিহ্যক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ এক যুগান্তকাৰী পদক্ষেপ বুলিও বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *