...

ডিব্ৰুগড় জকাইত এজন শিক্ষকৰ চমৎকাৰী সৃষ্টি

Spread the love

ডিব্ৰুগড় জকাইত এজন শিক্ষকৰ চমৎকাৰী সৃষ্টি

এটা ৰবট সাজি শিক্ষক নোহোৱাকৈ শ্ৰেণীকোঠাত কণ কণ ছাত্ৰ-ছাত্ৰীক ব্যস্ত ৰখাৰ চেষ্টা

কথা পতা, গান শিকোৱা, সাধু কোৱা পাৰ্থ চাৰৰ ৰবটক লৈ ছাত্ৰ-ছাত্ৰী সকলো আনন্দিত

চাইন অন ডেস্ক:

হঠাত বিদ্যালয়ত এক ৰবট উপস্থিত।সকলোতে হৈ-চৈ লাগিল। ছাত্ৰ ছাত্ৰীৰ মাজত আলোড়নৰ স্বৃষ্টি,
সকলোৰে মাজত তীব্ৰ উৎকণ্ঠা।বিদ্যালয়ত ৰবট দেখি সকলো হতবাক। কি কৰিব এই ৰবটে ? ৰবট এটাৰ বিদ্যালয়ত কামেই বা কি ? হয়,ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰাৰ্থজ্যোতি বৰুৱাৰ এক চমৎকাৰী সৃষ্টিয়ে ব্যাপক চৰ্চা লাভ কৰিছে এতিয়া সামাজিক মাধ্যমত।শিক্ষক প্ৰাৰ্থজ্যোতি বৰুৱাই নিজ একক প্ৰচেষ্টাৰে সাজি উলিওৱা এটা ৰবটে ছাত্ৰ-ছাত্ৰী সকলকো যথেষ্ট উপকৃত কৰিছে । ৰবটটোৱে শিক্ষক নোহোৱা ‘ক’ শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক সাধু কব পাৰে, গান শিকাব পাৰে আৰু কথা পাতি ব্যস্ত ৰাখিব পাৰে।মুঠ ৫২ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক থকা বিদ্যালয়খত পাঠদানৰ ক্ষেত্ৰত বিগত দিনত সমস্যা সৃষ্টি হৈ আহিছিল।সেই সময়তে শিক্ষকজনৰ মনলৈ এটা বুদ্ধি আহিল।কাগজৰ কাৰ্টোনত এটা ব্লুটুথ স্পীকাৰ ভৰাই কাৰ্টোনটোত ৰবটৰ ছবি অংকন কৰি মোবাইলৰ দ্বাৰা ৰবটোৱে কথা কোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিলে । যাৰ দ্বাৰা কণ কণ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক নাথাকিলেও ৰবটৰ সৈতে কথা পাতি কিছু কথা শিকা আৰু ব্যস্ত থকাৰ পৰিৱেশ সৃষ্টি হ’ল।ইফালে কথা পতা, গান শিকোৱা, সাধু কোৱা পাৰ্থ চাৰৰ ৰবটক লৈ ছাত্ৰ-ছাত্ৰী সকলো আনন্দিত।এই ৰবটটোৰ বাবে শিক্ষকজনে ডিব্ৰুগড় জিলাৰ ভিতৰতে TLM ত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।স্বাভাবিকতেই শিক্ষক পাৰ্থজ্যোতি বৰুৱাৰ এনে উদ্ভাৱনক সকলোৱেই একেমুখে প্ৰশংসা আৰু শলাগ জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *