...

২৯ ডিচেম্বৰত নগাঁৱৰ “বটদ্ৰৱা প্ৰকল্প”ৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Spread the love

২৯ ডিচেম্বৰত নগাঁৱৰ “বটদ্ৰৱা প্ৰকল্প”ৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

বটদ্ৰৱাৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন,

 

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম আদি লীলা ভূমি নগাঁও জিলাৰ শ্ৰীশ্ৰী বটদ্রৱা থান সমগ্ৰ অসম তথা ভাৰত ভূমি তথা বিশ্বৰ সনাতনী সাংস্কৃতিক পৰম্পৰাত বিশ্বাসী প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মানুহৰ আস্থা,বিশ্বাস আৰু ভক্তিৰ সেৱাৰ স্থলী। বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গ,গীত মাতৰ লগতে ঈশ্বৰ উপাসনাৰ শৃঙ্খলাবদ্ধ পৰিৱেশন শৈলীকে আদি কৰি গুৰুজনাই এই পবিত্ৰ ভূমি ভাগত এৰি থৈ যোৱা ঐতিহাসিক স্মৃতি চিহ্ন বিশেষকৈ কীৰ্তনঘৰ,পদশিলা,পাটশিলা,দৌল মন্দিৰ,আকাশী গঙ্গা,শিলিখা বৃক্ষ, চাৰিহাটী আৰু সতীৰাধিকা স্মৃতিক্ষেত্ৰ-শান্তিজান দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰৰ পৰা দৈনিক হাজাৰৰ অধিক ভক্ত বৈষ্ণৱ,তীৰ্থযাত্ৰী,দৰ্শনাৰ্থীৰ সমাগম ঘটে।

অসমীয়া জাতিৰ মণিকূট স্বৰূপ এই পবিত্ৰ ভূমি বটদ্রৱা থানৰ সামগ্ৰিক উন্নয়ন আৰু যাতায়ত ব্যৱস্থাৰ লগতে জগত গুৰু শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত বিশেষ ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ বিশেষ তৎপৰতাত বেদখল মুক্ত হোৱা ১৬৫ বিঘা ভূমিত নিৰ্মাণ হৈ উঠা বৃহৎ “বটদ্ৰৱা প্ৰকল্প”ভাগ অসমবাসী ৰাইজৰ বাবে মুকলি কৰা হ’ব। উল্লেখ্য যে,২০২১চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন,সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ,দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium),খোলৰ সাজত গৱেষণা কেন্দ্ৰ,নাঁৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ,জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথত।

“ওম কনষ্ট্ৰাকছন” নামৰ এটা কম্পেনীৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ উপৰিও থলুৱা গছ-গছনি ৰোপণ কৰি প্ৰাকৃতিকভাৱে সুন্দৰ কৰা প্ৰচেষ্টা লোৱা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানখনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬চনৰ ছেপ্টেম্বৰ মাহত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত প্ৰায় ২০০ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগক লৈ বহুত আশাবাদী বটদ্ৰৱাৰ লগতে নগাঁওবাসী ৰাইজ।

আনহাতে এই প্ৰকল্পৰ মুকলি অনুষ্ঠানৰ সন্দৰ্ভত যোৱা মংগলবাৰে (৯ ডিচেম্বৰ) নগাঁও-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক লগত লৈ সকলো দিশৰ চৰজমিন পৰ্য্যবেক্ষণ কৰি শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয়‌। আলোচনাত বিধায়ক শৰ্মাৰ লগত চৰকাৰী উচ্চ পদস্থ বিভাগীয় বিষয়া সকল উপস্থিত থাকে৷ অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিব বটদ্ৰৱা প্ৰকল্পৰ।

শুভাৰম্ভণি অনুষ্ঠানৰ বাবে স্থানীয় বিধায়িকগৰাকীয়ে টেলিফোনিকভাৱে থান পৰিচালনা সমিতি আৰু বিভাগীয় বিষয়াসকলৰ লগত সঘনে যোগাযোগ ৰক্ষা কৰি প্ৰস্তুতিৰ বুজ লৈ থকা বুলি জানিবলৈ দিছে। জিলা প্ৰশাসন,লোকনিৰ্মাণ বিভাগৰ পথ আৰু গৃহ বিভাগৰ শীৰ্ষ পৰ্য্যায়ৰ অভিযন্ত্ৰাসকলকে প্ৰমুখ্য কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও প্ৰকল্প ভাগৰ সমগ্ৰ স্থান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ সকলো দিশ পৰ্য্যবেক্ষণ কৰি থকা পৰিলক্ষিত হৈছে। প্ৰায় পঞ্চাশ হাজাৰ মানুহৰ সমাগম হ’বলগীয়া শুভাৰম্ভণি অনুষ্ঠানত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ,অসম চৰকাৰৰ সকলো মন্ত্ৰী-বিধায়ক আৰু সাংসদ সকলৰ লগতে চৰকাৰৰ বিভিন্ন দায়িত্বত অধিষ্ঠিত সকলো শীৰ্ষ পদবীধাৰী লোক এই বিশেষ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *