...

ধুবুৰীৰ আগমনীত ৰাইজে কৰায়ত্ত কৰিলে ধপাতবাহী ট্ৰাক

Spread the love

ধুবুৰীৰ আগমনীত ৰাইজে কৰায়ত্ত কৰিলে ধপাতবাহী ট্ৰাক

আৰক্ষীক গতালে বহিঃৰাজ্যৰ পৰা অহা গাড়ী

ধুবুৰী:

শেহতীয়াকৈ ধুবুৰী জিলাৰ অসম-বংগ সীমান্তইদি আৰম্ভ হৈছে কৰ ফাঁকিৰে বহিঃৰাজ্যলৈ ধপাত সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা। বিভিন্ন সময়ত উত্থাপিত হৈ অহা সেই সন্দেহ সত্যত পৰিণত কৰি যোৱানিশা এখন ধপাতবাহী ট্ৰাক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে। গোলকগঞ্জৰ আগমনীৰ খেৰবাৰী অঞ্চলৰ স্থানীয় ৰাইজে কৰায়ত্ত এএছ০১কিউচি ৫৯০৫ নম্বৰৰ সেই ট্ৰাকখন পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰা বুলি প্ৰকাশ। উল্লেখ্য যে, কৰ ফাঁকিৰে চলাই অহা ধপাত সৰবৰাহকাৰী সেই চক্ৰটোৰ নেপথ্যত মূল জনৈক সাহা উপাধিৰ এগৰাকী ব্যৱসায়ীকে ধৰি ধুবুৰীৰ বিলাসীপাৰাৰো আন এজন লোক জড়িত হৈ থকা বুলিও কিন্তু এছামৰ মাজত বুবু-বাবা চলা পোৱা গৈছে। অৱশ্যে, আৰক্ষীৰ তদন্তৰ পিছতেই প্ৰকৃত সত্য কি সেয়া উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *