বিশিষ্ট কবি ড০ ফৰিদা আহমেদৰ ‘স্মৃতিৰ নৈখন’
উন্মোচন সাহিত্যাচাৰ্য ডঃ আনন্দ বৰমুদৈৰ
চাইন অন ডেস্ক:
বিশিষ্ট কবি ঔপন্যাসিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অৱসৰী অধ্যাপিকা, গৱেষণা নিৰ্দেশক ড০ ফৰিদা আহমেদৰ কাব্যগ্ৰন্থ ‘স্মৃতিৰ নৈখন’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক, সাহিত্য সমালোচক, দ্বিভাষিক -ই- আলোচনী ‘পয়ট্ৰী উইডাউত ফায়াৰ’ৰ সম্পাদক, সাহিত্যাচাৰ্য ডঃ আনন্দ বৰমুদৈয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে টি এচ ইলিয়ট , এজৰা পাউণ্ড, উইলিয়াম বাটলাৰ য়েটছ আদি বিশ্ববিখ্যাত কবি সকলে সদায় কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হৈছিল, তেওঁলোকে কবিতাৰ বিষয়ে আলোচনা চৰ্চা কৰি ভাষাৰ আদান-প্ৰদান কৰিছিল। তেওঁ আৰু কয় যে কবি সকলে সদায় অনিশ্চয়তাৰ মাজত কবিতাৰ ভাৱ প্ৰকাশ কৰি থাকিব লগীয়া হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্যাচাৰ্য ডঃ কৰবী ডেকা হাজৰিকাই কয় যে ড০ ফৰিদা আহমেদৰ কবিতাবোৰ সহজ-সৰল আৰু প্ৰসংশনীয়, যি পাঠকে সহজে বুজিব পাৰে, লগতে তেওঁ কয় যে এটা কবিতা এশ জন পাঠকে বেলেগে বেলেগে ব্যাখ্যা কৰিব পাৰে। কবিতা নিজে নিলিখে যদিও পঢ়ি ভাল পোৱা বুলি কয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ড০ কন্দৰ্প কুমাৰ ডেকাই। ডিব্ৰুগড়ৰ হোটেল ‘চেণ্ট্ৰেল ইন’ত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি “স্মৃতিৰ নৈখন”ৰ লেখিকা, ঔপন্যাসিক ড০ ফৰিদা আহমেদে নিজৰ অনুভৱ প্ৰকাশ কৰি কয় যে সৰুৰে পৰা তেওঁ কবিতা পঢ়ি ভাল পাইছিল,আৰু তাৰে বহিঃপ্ৰকাশৰ ফলস্বৰূপে তেওঁৰ কাপৰ পৰা ইতিমধ্যে দুখনকৈ কাব্যগ্ৰন্থ প্ৰকাশ পাইছে আৰু ৰাইজে সেইদৰে আঁকোৱালি লোৱাৰ লগতে সকলোৱে অনুপ্ৰেৰণা যোগাইছে। পাঠক সমাজৰ পৰা সহাঁৰি পালে ভৱিষ্যতে আৰু কাপমৈলাম থমকি নৰয় বুলি তেওঁ কয়। এই অনুষ্ঠানতে বিশিষ্ট কবি ড০ ইণ্টিকাবুৰ ৰহমান, চেনিৰাম গগৈ, বীৰেণ গগৈ, কুঞ্জ মোহন ভুঞা, বৈদ্য ব্ৰাইট বুঢ়াগোহাঞি , বিশ্বজিৎ দাস, প্ৰকল্প ৰঞ্জন ভাগৱতী আদি কবি সকলে তেওঁলোকৰ নিজৰ নিজৰ কবিতা পাঠ কৰাৰ লগতে ড০ ফৰিদা আহমেদৰ কবিতা পাঠ কৰে। কল্যাণ ভূঞা আৰু পপী বৰা দাসে আঁতধৰা অনুষ্ঠানত কণমানি অৰভ দাসে জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ আৰু ‘গা গা আজি গাই যা’ শীৰ্ষক গীত দুটি পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে।
