ৰূপহীহাটৰ গেৰুৱাটীত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ
গ্ৰেপ্তাৰ দুই মহিলা সৰবৰাহকাৰী
ৰূপহীহাট:
ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সুৰুজ দত্ত যোগদান কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে চলাইছৈ মাৰাথন অভিযান।য়োৱাকালি ৰূপহীহাটৰ গুণাবাৰীৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি পুনৰ ৰূপহীহাটৰ গেৰুৱাটীত ড্ৰাগছৰ বিৰুদ্ধে চলাই অভিযান। আৰক্ষীৰ অভিয়ানত ৫০ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰৰ সৈতে গ্ৰেপ্তাৰ কৰে দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী দুজনীৰ নাম ৰেছমা খাতুন আৰু মেৰিজা বেগম। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ৬.৩৮ গ্ৰাম। ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত মহিলা সৰবৰাহকাৰী দুজনীক জেৰা অব্যাহত ৰাখিছে।
