মাৰ্ঘেৰিটাৰ ইনথেমত ভয়ংকৰ অগ্নিকাণ্ড। ১৫ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰীৰ ভষ্মিভূত। সোমাবাৰে নিশ প্ৰায় ১২ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । পেঙেৰীৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত ইনথেম নিৱাসী মহেন্দ্ৰ গগৈ ওৰফে সঞ্জয় গগৈ ঘৰত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। উল্লেখ্যে যে সঞ্জয় গগৈ পত্নী মীনাক্ষী বৰুৱা গগৈ কেটেতং আঞ্চলিক পঞ্চায়তৰ সদস্যা। অগ্নিকাণ্ডত দুটাকৈ গেছ চিলিণ্ডাৰো বিস্ফোৰিত হয় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত ভষ্মিভূত হয় বাসগৃহটো। অগ্নিকাণ্ডত এখন স্কুটি, এটা পানী মটৰ সম্পূৰ্ণৰূপে জুইত জাহ যোৱা লগতে তিনিখনকৈ গাড়ীও ক্ষতিগ্ৰস্ত হয়। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনী তৎপৰতাত অগ্নিনির্বাপন কৰা হয় যদিও বিস্তৰ ক্ষয় ক্ষতি হয়। পৰিয়ালৰলোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় ১৫ লক্ষ্যাধিক টকা সা-সামগ্ৰী অগ্নিত ভষ্মিভুত। অগ্নিকাণ্ড কাৰণ বাতৰি প্ৰস্তুত কৰা সময়লৈকে জানিব পৰা হোৱা নাই।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.