...

ডিব্ৰুগড়ত অসম নাগৰিক সমাজ গঠনৰ সভা

Spread the love

 

ডিব্ৰুগড়ত অসম নাগৰিক সমাজ গঠনৰ সভা

 

বৰ্তমানৰ বিজেপি চৰকাৰে দেশৰ স্বতন্ত্ৰ সংস্থা সমূহক নিজৰ কব্জালৈ নি স্বকীয়তা ধ্বংস কৰি দিছে:পৰেশ মালাকাৰ

 

চাইন অন ডেস্ক:

গুৱাহাটীত বিশিষ্ট বুদ্ধিজীৱি, শিক্ষাবিদ, সাংবাদিক, অধিবক্তা, যেনে ডঃহীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা,পৰেশ মালাকাৰ, সান্তনু বৰঠাকুৰ আদি বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত ইতিপূৰ্বে যি অসম নাগৰিক সমাজ নামৰ এটা সংগঠন জন্ম হৈছে আৰু লগে লগে ৰাজ্যৰ বিভিন্ন জিলাত জিলা সমিতি সমূহ গঠনৰ প্ৰস্তুতি চলোৱা হৈছে, তাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়তো ডিব্ৰুগড় জিলা সমিতি গঠনৰ প্ৰস্তুতি চলোৱা হৈছে। এই উপলক্ষে যোৱা ২২ নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগে। গুৱাহাটীৰ অসম নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকাৰৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাম্প্ৰতিক আমাৰ ৰাজ্যখনৰ পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নাগৰিক সকলৰ ভূমিকা আৰু দ্বায়িত্ব সম্পৰ্কে এটি ভাষণ দিয়ে। ভাষণ প্ৰসঙ্গত তেখেতে প্ৰকাশ কৰে যে, বৰ্তমানৰ বিজেপি চৰকাৰে দেশৰ স্বতন্ত্ৰ সংস্থা সমূহক নিজৰ কব্জালৈ নি স্বকীয়তা ধ্বংস কৰি দিছে আৰু দেশৰ গণতন্ত্ৰৰ বাবে ই এক অশনি সংকেত স্বৰূপ। এনেবোৰ আহি পৰা ন ন সমস্যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সচেতন নাগৰিক সকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ,নিজৰ মতামত ব্যক্ত কৰাৰ উদ্দেশ্যে নিজাববীয়াকৈ অসম নাগৰিক সমাজৰ দৰে এটা সংগঠনৰ প্ৰয়োজন আহি পৰিছে। সভাত ঐক্যমতত উপনিত হৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই একোটিকৈ ভাষণ দিয়ে জ্যেষ্ঠ সাংবাদিক ৰণ দুৱৰা, প্ৰাৰ্থপ্ৰতিম ভূঞা,ফাডাৰ ফিলিপ,ফাডাৰ উইলিয়াম, অনিৰুদ্ধদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, ইলোৰা বিজ্ঞান মঞ্চৰ জগন্নাথ ফুকন,ডাঃ অমৃত বৰুৱা,প্ৰগতিশীল মহিলা সংগঠনৰ নেতৃত্ব হীৰাৰাণী চেতিয়া, প্ৰণৱ শইকীয়া আদিয়ে। সকলোৰে পৰামৰ্শ আৰু আলোচনাৰ ভিত্তিত সভাপতি শৰৎচন্দ্ৰ নেওগে সভাৰ সিদ্ধান্ত ব্যক্ত কৰি কয় যে, অহা ডিচেম্বৰ মাহৰ ভিতৰত ডিব্ৰুগড় জিলাখনৰ সকলো অঞ্চলৰ প্ৰতিনিধিত্বৰে এখন পূৰ্ণাংগ অভিবৰ্তন অনুষ্ঠিত কৰা হ’ব আৰু উক্ত অভিবৰ্তনতে ডিব্ৰুগড় জিলা নাগৰিক সমাজৰ এখন স্থায়ী সমিতি গঠন কৰা হ’ব। এই উপলক্ষে এখন ৭ জনীয়া তদৰ্থ আহ্বায়ক সমিতি গঠন কৰা হয়। সমিতিৰ আহ্বায়ক সকল হ’ল শৰৎচন্দ্ৰ নেওগ, ৰাতুল গগৈ,পাৰ্থপ্ৰতিম ভূঞা,ফাডাৰ জন, ভাৰতী হাজৰা দত্ত, প্ৰণৱ শইকীয়া আৰু ভূষণজ্যোতি সন্দিকৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *