গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱ গঠিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ
নগাঁও,

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱা থানৰ নৱ গঠিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটি ৰবিবাৰে অনুষ্ঠিত হয়। থানৰ দুপৰীয়া কীৰ্তনৰ পাছত কীৰ্তন ঘৰৰ সন্মুখৰ নাটঘৰত শপত বাক্য পাঠ কৰোৱায় থানৰ মূল নাম লগোৱা ডম্বৰুধৰ গায়ন,লক্ষী নামলগোৱাকে আদি কৰি মূলৰ ভকতসকলে। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱসকলৰ উপস্থিতিত নৱগঠিত সমিতিৰ সভাপতি,সম্পাদক তথা সদস্যসকলে আগন্তুক দিনত নিষ্ঠা আৰু সততাৰে থানখনৰ উত্তৰণ,উন্নয়ন,প্ৰচাৰ প্ৰসাৰৰ বাবে শপত গ্ৰহণ কৰোৱা হয়। উল্লেখ্য যে, বিগত সময়চোৱাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দুৰ্নীতি আৰু অনিয়মৰ বাতৰিয়ে সংবাদ শিৰোনামা দখল কৰিছিল। থান পৰিচালনা সমিতিৰ দুৰ্নীতিৰ বিষয়ে বাদ-বিবাদে ইমানেই চৰম পৰ্যায় পাইছিল গৈ যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ তত্বাৱধানত যোৱা ২ নৱেম্বৰত সকলো সত্ৰীয়া আৰু আজীৱন সদস্যৰ উপস্থিতিত এখনি সাধাৰণ সভা আহ্বান কৰা হয়। উক্ত সভাতে বটদ্ৰৱাৰ থান পৰিচালনা কৰাৰ বাবে এখনি নতুন পৰিচালনা সমিতি গঠন কৰা হয়। নতুন পৰিচালনা সমিতি খনে থানৰ কীৰ্তন ঘৰৰ সন্মুখত সমূহ ভকত-বৈষ্ণৱৰ সন্মুখত অনাগত দিনত তেওঁলোকৰ কাৰ্য্য সূচাৰুৰূপে চলাই নিয়াৰ প্ৰতিশ্ৰুতিৰে শপত বাক্য পাঠ কৰে। পাছত বটদ্ৰৱা থানৰ নৱনিৰ্মিত সভাগৃহত নৱগঠিত সমিতিৰ প্ৰথমখনি কাৰ্যানিৰ্বাহক সভা অনুষ্ঠিত হয়। বটদ্ৰবা থান পৰিচালনা সমিতিৰ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিবাহ সভাৰ আৰম্ভণিতে সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে উদ্দেশ্য ব্যাখা কৰে। সভাত থান পৰিচালনা সমিতিৰ উপদেষ্টা ইন্দ্ৰমোহন বৰুৱা আৰু ব্ৰজেন কাকতিও উপস্থিত থাকে। সভাত আগন্তুক ছমাহৰ বাবে বাজেট দাখিল আৰু গ্রহণ কৰা হয়।
