...

ক’ল ইণ্ডিয়াৰ তৰফৰ পৰা ট্ৰেক্টৰ,কৃষি সঁ‌জুলি

Spread the love

ক’ল ইণ্ডিয়াৰ তৰফৰ পৰা ট্ৰেক্টৰ,কৃষি সঁ‌জুলি

মাৰ্ঘেৰিটা মাকুমকিল্লাত বিতৰণ

মাৰ্ঘেৰিটা

 

 

 

ভিতৰ পাৱই, মাকুমকিল্লা মাৰ্ঘেৰিটাত দেওবাৰে এক কৃষি সঁজুলি বেংক উদ্বোধন কৰা হয়, বৃহত্তৰ অঞ্চলটোৰ কৃষক সমাজক সহায় আগবঢ়োৱা দিশত এইয়া এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে গণ্য হৈছে । উত্তৰ পূৰ্ৱ কয়লা ক্ষেত্ৰ ক’ল ইণ্ডিয়া লিমিটেডৰ সামাজিক উন্নয়ন আঁ‌চনিৰ উদ্যোগত স্থাপন কৰা হৈছে কৃষি সঁ‌জুলি বেংক। এই প্ৰকল্পৰ অধীনত দুখন ট্ৰেক্টৰ লগতে বিভিন্ন কৃষি সঁজুলি ভিতৰ পাৱই পঞ্চায়ত আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। ইয়াৰ ফলত কৃষকে আধুনিক কৃষি উপকৰণ লাভ কৰাৰ সুযোগ পাব আৰু কৃষি ব্যৱহাৰত উৎপাদনক্ষমতা বৃদ্ধি কৰিব । এই অনুষ্ঠানত জেনেৰেল মেনেজাৰ, এনইচচি, ক’ল ইণ্ডিয়া লিমিটেডৰ কে. মেৰেই দায়িত্ববোধ আৰু কৃষকসকলৰ উন্নয়নৰ বাবে চি এছ আৰ কাৰ্যকলাপৰ জৰিয়তে এই সঁ‌জুলি সমূহ বিতৰণ কৰা হয় বুলি সংবাদমাধ্যমক এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিয়ে। এই কাৰ্য্যসূচীত কৃষি বিভাগৰ তৰফৰ পৰা গিতুল চাওলুক, এ পাঠক, স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা ত্ৰিনয়ণ গগৈ, ভিতৰ পাৱৈ গাওঁ পঞ্চায়তৰ বিষয়ববীয়া সকলো উপস্থিত থাকে। কাৰ্য্যসূচীৰ জৰিয়তে অঞ্চলটোৰ কৃষক ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি আশা ব্যক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *