নগৰবেৰাৰ নিছিলামাৰীত চোৰাং গৰু সহ আটক দুই সৰবৰাহকাৰী
নগৰবেৰা:


কামৰূপৰ মন্দিৰা আৰক্ষীয়ে চোৰাং গোব্যৱসায়ৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায় |অভিযানত ১২টাকৈ চোৰাং গৰু সহ দুজনক আটক কৰে আৰক্ষীয়ে |মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় গৰু কেইটা ৷লগতে আৰক্ষীয়ে আটক কৰিছে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুই সৰবৰাহকাৰীক |
ধৃত দুই সৰবৰাহকাৰী ঝাওঁকাটাদিয়াৰ চাত্তাৰ আলী আৰু মালিবাৰীৰ আবেদ আলী |
আটকাধীন দুই সৰবৰাহকাৰীয়ে সদৰি কৰা অনুসৰি গৰু ব্যৱসায়ী চাহেব আলীৰ নেতৃত্বত চলি আহিছিল এই চোৰাং গো ব্যৱসায় |
ইতিমধ্যে আৰক্ষীয়ে দুই সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ কৰাৰ লগতে জব্দকৃত গৰুখিনি গোশালালৈ প্ৰেৰণৰ দিহা কৰে |
জব্দকৃত গৰুখিনি মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ সন্দেহ কৰা হৈছে
