...

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

Spread the love

 

 

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

 

চাইন অন ডেস্ক:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি ডিব্ৰুগড়তো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে ‘বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান’ শীৰ্ষক বিষয় সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে নিৰ্দিষ্ট বিষয় সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি কয়, সাংবাদিকসকল বাতৰি পৰিৱেশন কৰাৰ সময়ত সচেষ্ট হোৱা উচিত। এটা বিভ্ৰান্তিমূলক সংবাদে সমাজত বিৰূপ প্ৰভাৱ পেলায়। বিভ্ৰান্তিমূলক তথ্যই যুগে যুগে অপপ্ৰচাৰ সৃষ্টি কৰে। শুদ্ধ আৰু তথ্য সংবাদ পৰিৱেশনৰ বাবে তথ্য জনাৰ অধিকাৰৰ সহায় লোৱা উচিত‌। সাংবাদিকসকল তথ্য জানিবলৈ অনুসন্ধিৎসা হ’ব লাগিব। ইফালে একেটা বিষয় সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাইয়ো বক্তৃতা প্ৰদান কৰি কয়, চ’ছিয়লে মিডিয়াত দিয়া কিছুমান তথ্য শুদ্ধ নহ’ব পাৰে। যিকোনো বাতৰি পৰিৱেশন কৰাৰ পূৰ্বে সাংবাদিকে সত্যাসত্য নিৰূপন কৰাটো উচিত। সমাজত সাংবাদিকৰ দায়িত্ব যথেষ্ট আছে। অৱশ্যে কিছুমান সংবাদ পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত বিভ্ৰান্তি হোৱাটো স্বাভাৱিক।

একে সময়ত জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই সাংবাদিকৰ স্বাধীনতা আৰু সমস্যাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰে আ‍ঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয়, নতুন প্ৰজন্মক সংবাদসেৱাৰ বিশ্বাসযোগ্যতাৰ ওপৰত কাম কৰিব লাগিব। আমি ২৫-৩০ বছৰ পূৰ্বে যিমান তথ্য পাইছিলোঁ, এতিয়া এসপ্তাহৰ ভিতৰতে সকলো সম্ভৱ হৈ পৰে। সত্যনিষ্ঠ সংবাদ যোগান ধৰাটো সাংবাদিকসকলৰ দায়বদ্ধতা হোৱা উচিত। আজিৰ যুৱ-প্ৰজন্মই সংবাদ পত্ৰ নপঢ়াক লৈ জিলা আয়ুক্তগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰাৰ লগতে সাংবাদিসকলৰ সৈতে মত-বিনিময় কৰে। আনহাতে এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ, জিলা নিৰ্বাচনী বিষয়া প্ৰাঞ্জিল গগৈ, অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱা,অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা , জ্যেষ্ঠ সাংবাদিক ললিত শৰ্মা, ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মানসজ্যোতি দত্ত, জ্যেষ্ঠ সাংবাদিক জয়ন্ত শইকীয়া আদিয়ে উপস্থিত থাকে। অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বৰষা তালুকদাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *