ডিব্ৰুগড় লাহোৱাল তেতিয়া পট্টিত দিনযোৰা কাৰ্যসূচীৰে জাতীয় প্ৰেছ দিৱস পালন
জেষ্ঠ সাংবাদিক বিভাস দুৱৰাক সম্বৰ্ধনা
সাংবাদিকতাৰ প্ৰত্যাহ্বান আৰু জন প্ৰতিনিধিৰ তৰল মন্তব্য সন্দৰ্ভত আলোচনাচক্ৰ
চাইন অন ডেস্ক:
সাংবাদিক সকল হ’ল গুগল মেপ।গুগল মেপৰ জৰিয়তে আমি যেনেকৈ সঠিক পথেৰে গৈ নিজৰ লক্ষ্য স্থানত উপনীত হ’ব পাৰোঁ, তেনেকৈ সাংবাদিক সকলেও সমাজখনক সঠিক ভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে। লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত, ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা জাতীয় প্ৰেছ দিৱসৰ
মুকলি সভা আৰু সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই এনেদৰে কয়। প্ৰতিযোগিতা মুলক সাংবাদিকতাৰ ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে নিজৰ বৃৰ্তিত অৱতীৰ্ণ হোৱাৰ লগতে যিসকল নতুনকৈ সাংবাদিকতা কৰিবলৈ উলাই আহিছে, তেওঁ লোকে প্ৰেছ কাউন্সিল অব ইণ্ডিয়াই বান্ধি দিয়া নীতি অধ্যয়ন কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ লগতে কয়,সাংবাদিক সকলক সমাজৰ আইনা বুলি কোৱা হয়,সমাজ খন ক’লৈ গৈছে, কত আছে,সমাজখনক সঠিক পথত আগুৱাই নিয়াৰ বাবে সদায় সক্ৰিয় হৈ থাকিব লাগিব সাংবাদিক সকল। সাংবাদিকৰ দায়িত্ব কৰ্তব্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰি বিশিষ্ট লেখক সাহিত্যিক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই সাংবাদিক সকলক গুগল মেপৰ সৈতে তুলনা কৰে। তথ্য প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত এগৰাকী সাংবাদিকে সঠিক তথ্যৰে সঠিক সময়ত সঠিক উপস্থাপন কৰিব পৰা ক্ষমতা থাকিব লাগিব বুলি কয়। গণতন্ত্ৰ জীয়াই ৰখাৰ ক্ষেত্ৰত সাংবাদিকৰ অন্যতম ভুমিকা আছে। গণতন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰতো সাংবাদিক সকলৰ ভুমিকা আছে।জগত খন অন্ধকাৰত ডুব গলেও সাংবাদিক সকলে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰে পোহৰাই ৰাখিব পৰাটো সচেতন সাংবাদিকৰ দায়িত্ব বুলি কয়।তেলিয়া পট্টিৰ চেঁচা নদীৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা পৰিবেশত অনুষ্ঠিত তথা
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা মুকলি সভা উদ্বোধন কৰে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰবৰুৱা প্ৰেছ ক্লাবৰ সভাপতি মনোৰঞ্জন হাজৰিকাই।
সভাত উদ্দেশ্য ব্যাখ্যা কৰে লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্তই আৰু আদৰণী ভাষণ প্ৰদান কৰে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনে।সভাত উপস্থিত থাকি ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মাই জাতীয় প্ৰেছ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে। আনহাতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই আশী-নৱৈ দশকত সাংবাদিকতাৰ যি প্ৰত্যাহ্বান আৰু আজিৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা উন্নয়নৰ সময়ৰ সাংবাদিকতাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সাংবাদিকতাৰ সততা আৰু সাংবাদিকতাৰ নৈতিকতা সন্দৰ্ভত কয়। তেওঁ সাংবাদিকতাৰ প্ৰত্যাহ্বান আৰু জন প্ৰতিনিধিৰ তৰল মন্তব্য বিষয়বস্তু সন্দৰ্ভত বক্তব্য প্ৰদান কৰি তেওঁ কয় যে, সাংবাদিকতাৰ ক্ষেত্ৰত ক’ৰবাত নহয় ক’ৰবাত হেঁচা প্ৰয়োগ দিয়ে। মুকলি মনেৰে আজি সাংবাদিকতা কৰিলে ভাবুকি তথা প্ৰত্যাহ্বান সন্মুখীন হ’ব লগা হয়,ই গণতন্ত্ৰৰ কাৰণে শুভ বাৰ্তা নহয়।সমাজ খনক সঠিক পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত থকা ভুমিকা কোনো চক্ৰ তথা পক্ষই হেঁচা প্ৰয়োগ কৰাটো ভাল লক্ষণ নহয় বুলি কয়। ইয়াৰ লগে লগে সাংবাদিক সকলেও নিজৰ সাংবাদিকতাৰ মৌৰ্যতা অটুট ৰাখিবলৈ আহ্বান জনায়।সভা সমিটিৰ সন্মুখৰ আসনত বহাৰ মৌৰ্যদা নিজেই ৰক্ষা কৰি চলিব লাগিব বুলি কৈ
বৰ্তমান ৰাষ্ট্ৰই সংবাদ প্ৰতিষ্ঠান সমূহ নিয়ন্ত্ৰণ কৰিবলৈ ধৰা বিষয়টো সুস্থ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় যদিও সংবাদ মাধ্যমৰ নায্যতা কেতিয়াও কোনো কাৰণতে নুই কৰিব নোৱাৰে। ইয়াৰ গ্ৰহণ যোগ্যতা থকা বাবেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশেও সংবাদ মেল দিবলগীয়া পৰিস্থিতি আমাৰ দেশত হোৱা বুলি কয়।
কিন্তু সমান্তৰালকৈ কোনো সাংবাদিকে চৰকাৰৰ ভুল-ক্ৰতি লিখিলে নিজৰ প্ৰতিষ্ঠানৰ পৰা ৰোষৰ সন্মুখীন হ’ব লগা হয়। চৰকাৰী পক্ষৰ ৰোষৰ বলি হ’ব লগা হয়। সাংবাদিকে জনপ্ৰতিনিধিক প্ৰশ্ন সুধিবলৈ গলেও জনপ্ৰতিনিধিৰ তৰল মন্তব্য সন্মুখীন হ’ব লগা হয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
প্ৰেছ দিৱস উপলক্ষে ডিব্ৰুগড়ৰ জেষ্ঠ সাংবাদিক তথা প্ৰায় তিনিটা দশক ধৰি সাংবাদিকতাৰ জৰিয়তে সেৱা আগবঢ়াই থকা জেষ্ঠ সাংবাদিক বিভাস দুৱৰাক সম্বৰ্ধনা জ্ঞাপন কৰে। চেলেং, গামোচা, প্ৰশস্তি পত্ৰ, স্মাৰক আদিৰে জেষ্ঠ সাংবাদিক বিভাস দুৱৰাই সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে, সাংবাদিক সকল কেতিয়াও সত্যৰ পৰা বিচলিত হব নালাগে।সত্যই সাহস আৰু সাংবাদিকতাৰ মুল চাবিকাঠী। এটা ভুল বাৰ্তাই সমাজক বিপথে বা বিশৃংখল কৰাত বহু ক্ষেত্ৰত সহায় কৰে।সেয়ে বাতৰি এটা পৰিৱেশন কৰোতে সদায়েই সাবধান হোৱা প্ৰয়োজন বুলি কৈ দীঘলীয়া সময় সাংবাদিকতাৰ সৈতে বিভিন্ন প্ৰত্যাহ্বানকো নেওচি আগুৱাই অহা সেৱাৰ বাবে এনেধৰণৰ বিশেষ দিনটোত উৎসাহিত কৰাত অনাগত দিনৰ বাবে এইয়া যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিব বুলি কয়।
মুকলি সভাত
ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যাপক আদিত্য দাহাল,লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তভ মণি গগৈ, ঘোঁৰামৰা আৰক্ষী চকীৰ বিষয়া নৃপেন শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈ, সমাজকৰ্মী দয়ানন্দ শ্বাহ, লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি যাদৱ গগৈ, লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি কৌণজ হাজৰিকা, টিংখং প্ৰেছ ক্লাবৰ সম্পাদক তথা ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক কৃষ্ণ গগৈ, চাবুৱা প্ৰেছ গ্ৰীল্ডৰ সম্পাদক পুস্তক ফুকন, চাবুৱা প্ৰেছ ক্লাবৰ সম্পাদক বিশ্বজিৎ ফুকন,খোৱাং প্ৰেছ ক্লাবৰ সভাপতি বাবুল সোনোৱাল, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক চন্দন ফুকন, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক জ্যোতিষ পাতিৰ,
ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ পত্ৰিকা সম্পাদক অৰ্পনা ফুকন দাস, লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ৰশ্মিৰেখা সাউদ কলিতা আদি উপস্থিত থাকি বক্তব্য ৰাখে।
পুৱাৰ ভাগত লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনে পৰিৱেশ নিকাকৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা পাছতে উপস্থিত সাংবাদিক সকলে মনোৰম প্ৰাকৃতিক পৰিৱেশে ভৰা চেঁচা নদীৰ পাৰত পৰিবেশ নিকাকৰণ কৰে। জাতীয় প্ৰেছ দিৱস উপলক্ষে চেঁচা নদীৰ পাৰত বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।

