বটদ্ৰবাত অসম অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত জনজাতিকৰণৰ দাবীৰে পৰিবেশ উত্তাল
সন্মিলনীৰ মহিলা জিলা সমিতিখন নতুনকৈ গঠন
নগাঁও,
সমগ্ৰ ৰাজ্যতে শেহতীয়াভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যুক্ত হৈছে সমাজৰ মাজত যুঁজ দিয়া হৈছে নগাঁও জিলা পৰিষদৰ সদস্য হিচাপে পৰিবেশ উত্তাল হৈ থকাৰ সময়তে মধ্য অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাত আজি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। সদৌ অসম অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত জনজাতিকৰণৰ দাবীৰে পৰিবেশ উত্তাল কৰি তোলে৷ বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত সমবেত জনগোষ্ঠীটোৰ লোকসকলে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কপাই তুলি অনতি পলমে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলি বিজেপি চৰকাৰৰ প্ৰতি সকিয়নী প্ৰদান কৰে৷ উল্লেখ্য যে,বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী মহিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সেয়ে এই সাধাৰণ সভাৰ পূৰ্বে জনজাতিকৰণ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ,বীৰ চিলাৰায় আৰু শেহতীয়াকৈ মহাপ্ৰয়াণ ঘটা মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পিছতে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰধান সম্পাদক ৰাণাদিত্য বৰ্মনে অংশগ্ৰহণ কৰি কয় যে অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ মূল ব্যক্তি হৈছে কোচ ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়৷ পিছে দুখৰ বিষয় শংকৰদেৱক যিয়ে বনালে তেওঁলোককেই আজিৰ অসমীয়াই স্বীকাৰ নকৰে। সেই কথা মানি ল’ব টান পায়। তাৰোপৰি, শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমিত নাই নৰ নাৰায়ণ আৰু চিলাৰায়ৰ মূৰ্তি ৷ কোচ ৰাজবংশীৰ লোকসকলৰ সমাজপ্ৰীতি আৰু সহনশীলতাৰ কথা দোহাৰি প্ৰধান সম্পাদক গৰাকীয়ে কয় যে আমি কোচ জনগোষ্ঠীৰ লোকসকল অসমৰ বায়ু-পানী-মাটিৰ লগত ইমানেই সংপৃক্ত হৈ পৰিছো যে আমি নিজৰ কৃষ্টি-সংস্কৃতিক পাহৰি গৈছো৷ বৰ্তমান সময়ত কোচ জনগোষ্ঠীৰ ভাষা-গীত-নৃত্যৰ কোনো চৰ্চা নাই। ভাষণ প্ৰসংগত তেওঁ বঙাইগাঁৱত ২০১৪ চনৰ ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা এখন বিশাল ৰাজহুৱা সভাত নৰেন্দ্ৰ মোডীয়ে যদিহে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হয় তেন্তে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আজিও পুৰণ নকৰাৰ কথা উনুকিয়াই বিজেপি চৰকাৰৰ বিভিন্ন আচনিসমূহৰ সমালোচনা কৰে। নিজৰ ভাষণত কোচ জনগোষ্ঠীৰ নেতাগৰাকীয়ে তেওঁলোকক চৰকাৰে জনজাতিকৰণ কৰিব লাগিবই বুলি উল্লেখ কৰি লগতে কয় যে অধিক জনসংখ্যা থকা জনগোষ্ঠীটো হৈছে কোচ ৰাজবংশীসকল। কিন্তু আমি একত্ৰিত হ’ব পৰা নাই বাবে তাৰ সুবিধা লৈ আহিছে চৰকাৰে৷ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সম্পাদিকা জয়া দাস, নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়া,উপ সভাপতি অৰবিন্দ ডেকা,তুৱাৰাম বৰুৱা,সাংগঠনিক সম্পাদক অমূল্য চন্দ্ৰ বৰা,সমাজকৰ্মী সুনীল বৰুৱাকে প্ৰমুখ্য কৰি জনগোষ্ঠীটোৰ কেইবা শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে ৷ উক্ত সভাতে কল্পনা ডেকাক সভানেত্ৰী, গীতাঞ্জলি কোচক কাৰ্যকৰী সভানেত্ৰী,অনামিকা ৰাজকুমাৰীক সম্পাদিকা,ৰূপা মণি শইকীয়াক সহকাৰী সম্পাদিকাৰ লগতে ৰাজ্যিক সদস্যা হিচাপে মাতু শইকীয়া আৰু অৰ্চনা ডেকাক নিৰ্বাচিত কৰি সৰ্বসন্মতিক্ৰমে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী মহিলা সমিতিখন নতুনকৈ গঠন কৰা হয়
