...

বিহাৰত এনডিএৰ ছুনামিত চুৰৰ্মাৰ বিৰোধী

Spread the love

 

 

বিহাৰত এনডিএৰ ছুনামিত চুৰৰ্মাৰ বিৰোধী

 

 

ফলাফল: ‘শূন্য’তে সন্তুষ্ট থাকিল প্রশান্ত কিশোৰৰ জন সুৰাজ পার্টী
বিহাৰৰ মুখ্যমন্ত্ৰী হব কোন ?

 

চাইন অন ডেস্ক:

এগজিট প’লৰ তথাই বাস্তৱ হ’ল বিহাৰৰ নির্বাচনী ৰাজনীতিত। মগধভূমিত ঐতিহাসিক জনাদেশ লৈ পুনৰ ৰাজ্যখনৰ ক্ষমতা বিজেপি নেতৃত্বাধীন এনডিএৰ হাততে থকাটো নিশ্চিত হৈছে। বিহাৰৰ ভোটযুদ্ধত চুনামি সৃষ্টিৰে এনডিএই বিৰোধী মহাগোটবন্ধনক চূৰমাৰ কবি লাভ কৰিলে অভিলেখসংখ্যক আসন। আৰজেডি-কংগ্রেছ-বাঁও শিবিৰৰ মহাগোটবন্ধনক মাত্র ৩৫ আসনতে স্তব্ধ কৰি ৰাখি এনডিএই অতিক্রম কৰে।

লক্ষণীয়ভাবে এইবাৰৰ বিহাৰৰ নিৰ্বাচনত মিত্রদল নীতিশ কুমাৰৰ জেডি (ইউ) ক চেৰ পেলাই বিজেপি পৰিগণিত হৈছে একক বৃহত্তম দল হিচাপে। বিজেপিয়ে পূর্বতকৈ ১৫খন অধিক আসন লাভেৰে শক্তিশালী স্থিতি প্রদর্শনেৰে মুঠ ৮৯টা সমষ্টিত জয়ী-অগ্রগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে জেডি (ইউ)-এ জয়ী-আগ্রগতি লাভ কৰা সমষ্টিৰ সংখ্যা হ’ল ৮৫টা। নীতিশ কুমাৰৰ দলটোৱে বিগত ২০০০ চনৰ নিৰ্বাচনতকৈ এইবাৰ ৪২খন অধিক আসনত সফলতা অর্জন কৰিবলৈ সক্ষম হয়। এনডিএৰ অংশীদাৰ হিচাপে এইবাৰৰ নিৰ্বাচনত চমকপ্রদ ফলাফল প্রদর্শন কৰিছে ছিৰাগ পাছোৱানৰ লোক জনশক্তি পার্টী (বামবিলাস)-এ। সেইদৰে এনডিএৰ আন দুটা অংশীদাৰ দল হাম আৰু আৰএলএমে ক্রমে ৫ আৰু ৪খন আসনত প্ৰদৰ্শন কৰিছে নিজৰ শক্তিশালী স্থিতি। অন্যান্যই জয়ী-অগ্রগতি লাভ কৰা আসনৰ সংখ্যা ৬খন। উল্লেখ্য যে এইবাৰ দুটা পৰ্যায়ত বিহাৰত ভোটগ্রহণ অনুষ্ঠিত হৈছিল। যোৱা ৬ নৱেম্বৰত প্ৰথম আৰু ১১ নৱেম্বৰত দ্বিতীয় পর্যায়ৰ নির্বাচন সম্পন্ন হোৱাৰ পাছত শুক্ৰবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা প্রক্রিয়া। ভোটগণনাৰ আৰম্ভণিৰে পৰাই অগ্রগতি লাভ কৰে বিজেপি-জেডি (ইউ) তথা এনডিএ শিবিৰ। ইয়াৰ বিপৰীতে অভাৱনীয়ভাৱে পিছপৰি ৰয় কংগ্রেছ-আৰজেডি-বাঁও শিবিৰৰ মহাগোটবন্ধন। সেইদৰে প্ৰাক্তন ভোটকুশলী প্রশান্ত কিশোৰৰ জন সুৰাজ পার্টী প্রতিদ্বন্দ্বিতালৈ নাহিল। ‘শূন্য’তে সন্তুষ্ট থাকিবলগীয়া হ’ল দলটো। বিহাৰৰ মুঠ ২৪৩টা সমষ্টিৰ ভিতৰত বিজেপি আৰু জেডি (ইউ)-এ ১০১খনকৈ আসনত প্রার্থী প্রক্ষেপ কৰিছিল। ইয়াৰ ভিতৰত দল দুটাই ক্রমে ৮৯ আৰু ৮৫খন আসনত সফলতা লাভ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই প্রধামন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বাৰম্বাৰ ঘোষণা কৰিছিল যে নীতিশ কুমাৰৰ নেতৃত্বতেই এনডিএই নির্বাচনী যুঁজত অৱতীর্ণ হ’ব। অৱশেষত প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে এই ৰণকৌশলক সাকাৰ কৰি – তুলিলে। নির্বাচনী যুঁজৰ নেতা হিচাপে নীতিশ কুমাৰক এনডিএৰ তৰফৰ পৰা প্ৰক্ষেপ কৰিলেও মুখ্যমন্ত্ৰীৰ পদৰ প্রার্থীৰ নাম ঘোষণা কৰা হোৱা নাছিল। কিন্তু বিহাৰৰ ৰাজনীতিত শেহতীয়া চর্চা অনুসৰি বিজেপিয়ে একক বৃহত্তম দল হ’লেও মিত্র জেডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰকে পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব। – যদি সেয়াই সঁচা হয় নীতিশ কুমাৰেই পুনৰ বিহাৰৰ মুখ্যমন্ত্রী হোৱাৰ এশ শতাংশ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পৰা ৰাহুল গান্ধী-প্রিয়ংকা গান্ধীলৈ বহুকেইজন শীর্ষ নেতাই বিহাৰত দলীয় প্রার্থীৰ হৈ প্ৰচাৰ চলাইছিল যদিও শোচনীয়ভাবে মুখ থেকেচা খাবলগীয়াহে হ’ল। আনকি ৰাহুল গান্ধীয়ে ছাছাৰামৰ পৰা পাটনালৈ ১,৩০০ কিলোমিটাৰ ভোটৰ অধিকাৰ যাত্রা চলায়ো সফল হ’ব নোৱাৰিলে।

 

এই দীঘলীয়া পথ পৰিক্ৰমাই সামৰি লোৱা ১১০টা বিধানসভা সমষ্টিৰ এটাতো জয়ী নহ’ল কংগ্রেছ। অর্থাৎ বিহাৰৰ জনতাই এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছক সমূলি অগ্রাহ্য করে। স্বাধীনতাৰ পিছত ৫ দশকতকৈও অধিককাল দেশৰ শাসনত থকা দলটোৱে এইবাৰ বিহাৰত মাত্র ৬খন আসনত জয়ী-অগ্রগতি লাভ কৰিছে। বিগত ২০০০ চনৰ নিৰ্বাচনৰ – তুলনাত ১৩খন আসন হেৰুৱাবলগীয়া হৈছে দলটোরে। একেই অবস্থা মহাগোটবন্ধনক নেতৃত্ব দিয়া আৰজেডি দলৰ। আৰজেডিয়ে ২৫খন আসনত জয়ী-অগ্রগতি লাভ কৰাৰ পৰিৱৰ্তে বিগত নির্বাচনতকৈ। নির্বাচনতকৈ ৫০টা সমষ্টি কমকৈ লাভ কৰিছে। বাঁও শিবিৰৰ অৱস্থা একেই। চিপিআইএমএল দুখনত, চিপিএম এখনত আৰু আইপিপিয়ে এখন আসনতহে ক্ষান্ত থাকিবলগীয়া হয়। এইবাৰৰ বিহাৰৰ নিৰ্বাচনত ভোটাৰ তালিকাত বিশেষ ব্যাপক – পুনৰীক্ষণ (এছআইআৰ) ৰ প্ৰভাৱ পৰিব বুলি পূৰ্ণ ধাৰণা কৰা হৈছিল। কিয়নো এছআইআৰৰ ফলত নিৰ্বাচনৰ – প্রাক্‌ক্ষণত ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা কর্তন হৈছিল প্রায় ৩০ লাখ লোকৰ নাম। যিটোক বিৰোধীয়ে ইছ্যু কৰি লৈছিল। কিন্তু বাস্তৱত এছআইআৰৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল। মন কৰিবলগীয়া যে মহাগোটবন্ধনে এইবাৰ তেজস্বী যাদৱক মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিছিল। কিন্তু ভোটগণনাৰ সময়ছোৱাত ৰাঘোপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা তেজস্বী যাদবে একাধিকবাৰ পিছ পৰিবলগীয়া হৈছিল।অৱশ্যে শেষ মুহূর্তত তেওঁ জয়ী হয়। বিহাৰৰ ৰাজনীতিত যে এতিয়া লালু প্রসাদ যাদৱৰ আধিপত্য নাই, সেই কথাও এইবাৰৰ নিৰ্বাচনে প্রমাণ কৰিলে। কিয়নো মহুৱা সমষ্টিত জেএছজেডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা লালু প্রসাদ যাদৱৰ আন এজন পুত্র তেজ প্রতাপ যাদৱ পৰাজিত হৈছে। বিহাৰৰ প্ৰতিটো ‘অঞ্চল’য়েই আজি এনডিএময় হৈ পৰে। মুঠ ২৭টা বিধানসভা সমষ্টি থকা অংগ প্ৰদেশৰ ২৬টাতে এনডিএৰ প্রার্থী জয়ী হোৱাৰ – বিপৰীতে মাত্র এখনহে আসন লাভ কৰে মহাগোটবন্ধনে। সেইদৰে ৪৬টা সমষ্টি থকা ভোজপুৰৰ ৩৯টাত এনডিএ, ৬টাত মহাগোটবন্ধন আৰু এটাত অন্যান্য বিজয়ী হয়। মগধৰ ৪৭টা সমষ্টিৰ ভিতৰত এনডিএই ৩৭টা আৰু মহাগোটবন্ধনে ১০টা লাভ কৰিছে।

 

 

 

মিথিলাঞ্চলৰ ৫০টা সমষ্টিৰ ভিতৰত এনডিএই ৪১টাত – জয়ী হোৱাৰ বিপৰীতে ৯টা গৈছে মহাগোটবন্ধনলৈ। সীমাঞ্চলত আছে মুঠ ২৪টা সমষ্টি। ইয়াৰে ১৪টাত এনডিএ, ৫টাত মহাগোটবন্ধন আৰু আন ৫টাত অন্যান্য বিজয়ী হৈছে। টিৰহুতৰ ৪৯টা সমষ্টিৰ ভিতৰত ৪৫টাত এনডিএ জয়ী হোৱাৰ বিপৰীতে মাত্র ৪টাহে মহাগোটবন্ধনে লাভ কৰে। এইবাৰৰ নিৰ্বাচনত বহুকেইজন ৰথী-মহাৰথীৰ জয়-পৰাজয় ঘটিছে। আলীনগৰ সমষ্টিৰ পৰা বিজেপিৰ মৈথেলী ঠাকুৰ, কাটিহাৰৰ পৰা বিজেপিৰ তাৰা কিশোৰ প্ৰসাদ, চৰাইৰঞ্জনৰ পৰা জেডিইউৰ বিজয় কুমাৰ চৌধুৰী, বানকীপুৰৰ পৰা বিজেপিৰ নীতিন নবীন, নালন্দাৰ পৰা জেডি (ইউ)ৰ চৰণ কুমাৰ, মোকামাৰ পৰা জেডি (ইউ)ৰ অনন্ত কুমাৰ সিং, গয়া টাউনৰ পৰা বিজেপিৰ প্ৰেম কুমাৰ, জামুলীৰ পৰা বিজেপিৰ শ্রেয়সী সিং, বেটিয়াহৰ পৰা বিজেপিৰ বেণু দেৱী জয়ী হৈছে। ইয়াৰ বিপৰীতে ধামদাহাত আৰজেডিৰ সন্তোষ কুমাৰ, জনজহাৰপুৰত চিপিআইৰ ৰাম নাৰায়ণ যাদৱ, জামুইত আৰজেডিৰ মহম্মদ ছামছদ আলম, ইমামগঞ্জত আৰজেডিৰ ঋতুপ্রিয়া চৌধুৰী, দানাপুৰত আৰজেডিৰ ৰিটলাল ৰয়, তাৰাপুৰত আৰজেডিৰ অৰুণ কুমাৰ পৰাজিত হৈছে। লক্ষণীয়ভাবে অসমত ইতিপূর্বে আইপিএছ বিষয়া হিচাপে সেৱা আগবঢ়োৱা আনন্দ মিশ্রই বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি বাক্সাৰ সমষ্টিৰ পৰা জয়ী হ’বলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *