কলিয়াবৰ সমজিলাত হাতী-মানুহৰ সংঘাতে এক জটিল ৰূপ ধাৰণ
নগাঁও
বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ সমজিলাতো শেহতীয়াকৈ হাতী-মানুহৰ সংঘাতে এক জটিল ৰূপ ধাৰণ কৰিছে। বিশেষকৈ নিশাৰ ভাগত বন্যহস্তীৰ জাকে গাঁওসমূহত প্ৰৱেশ কৰি খেতি-পথাৰৰ বিস্তৰ ক্ষতি কৰাৰ ফলত স্থানীয় ৰাইজ তীব্ৰ শংকাত ভূগিবলগীয়া হৈছে। অসম চৰকাৰৰ বন বিভাগে এই সমস্যা প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও,ইয়াৰ স্থায়ী সমাধান এতিয়াও সম্পূৰ্ণৰূপে সম্ভৱ হৈ উঠা নাই। এনে এক জটিল পৰিস্থিতিৰ মাজতে বুধবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজে উক্ত অঞ্চল সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে নিশা কলিয়াবৰৰ বামুণী গাঁৱকে ধৰি সংঘাত প্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেখেতে নিজে উপস্থিত থাকি বন্যহস্তীয়ে অনিষ্ট কৰা খেতি-পথাৰ সমূহ প্ৰত্যক্ষ কৰে আৰু ভুক্তভোগী স্থানীয় বাসিন্দাসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপত মিলিত হয়। এই সময়ছোৱাত ৰাইজে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা আৰু সমস্যাসমূহ আয়ুক্তক অৱগত কৰে। জিলা আয়ুক্তগৰাকীয়ে ৰাইজৰ মতামতসমূহ শুনি এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ সমাধানৰ বাবে কি কি ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব পাৰি,সেই সম্পৰ্কে বিভিন্ন বিষয়ৰ ওপৰত গভীৰভাৱে ৰাইজৰ সৈতে আলোচনা কৰে ।
