প্ৰয়াত শিশুৰাম হাজৰিকাৰ সোঁৱৰণত ফুটবলত বৰিগাঁও আঞ্চলিক ক্ৰীড়া সন্থা বিজয়ী
নগাঁও,

নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া আঁহতগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত প্ৰয়াত শিশুৰাম হাজৰিকাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা চূড়ান্ত ফুটবল খেলখন ৰবিবাৰে অনুষ্ঠিত হয় । পিতৃৰ সোঁৱৰণত অনুষ্ঠিত হোৱা চূড়ান্ত ফুটবল খেলখন শুভ উদ্বোধন কৰে পুত্ৰ তথা মন্ত্ৰী পীযুষ হাজৰিকাই। চূড়ান্ত খেলত আঁহতগুৰি ব্যৱসায়িক আঞ্চলিক ক্ৰীড়া সন্থাক বৰিগাঁও আঞ্চলিক ক্ৰীড়া সন্থাই ১-০ গʼলৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ সাব্যস্ত কৰে। উল্লেখ্য যে খেলৰ জগতত বিভিন্ন সময়ত মৰিগাঁও জিলাৰ প্ৰতিভাৱান খেলুৱৈসকলে নিজ নিজ খেলৰ পাৰদৰ্শিতা প্ৰদৰ্শন অৰ্জন কৰি মৰিগাঁও জিলালৈ বিভিন্ন সময়ত সু-নাম কঢ়িয়াই অনাৰ মাজতে জিলাখনত ফুটবল খেলুৱৈসকলৰ মাজত ফুটবল খেলৰ পাৰদৰ্শিতা প্ৰদৰ্শনসমূহ পৰীক্ষা কৰিবলৈ মৰিগাঁও জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ আছে ফুটবল প্ৰতিযোগিতা। চূড়ান্ত ফুটবল খেলখন চাবলৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰাও ফুটবল খেলৰ দৰ্শকপ্ৰেমীয়ে ষ্টেডিয়ামত ভিৰ কৰা পৰিলক্ষিত হয়
