Breaking News
- নগাঁৱৰ কলিয়াবৰৰ বিশিষ্ট চিত্ৰশিল্পী তৰুণ বৰাৰ পৰলোক
- নগাঁও জিলাৰ কলিয়াবৰৰ সমীপৰ সৰুভগীয়া গাঁও নিবাসী বিশিষ্ট চিত্ৰশিল্পী তৰুণ বৰাৰ পৰলোকপ্ৰাপ্তি হয়।
- আজি দুপৰীয়া প্ৰায় ১২ বজাত নিজা বাসগৃহতে বৰাই শেষনিশ্বাস ত্যাগ কৰে।
- বৰা দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ।
- মৃত্যুৰ সময়ত বৰাই পত্নীৰ উপৰি পিতৃ-মাতৃ,দুগৰাকী জীয়ৰী এৰি যায়।
- মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬২ বছৰ।
- বৰাৰ মৃত্যুত কলিয়াবৰ প্ৰেছ ক্লাৱকে প্ৰমূখ্য কৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।