ধুবুৰী তথা অসমৰ বাবে সুখবৰ!
ধুবুৰীৰ বিলাসীপাৰাৰ মুৰাবাৰীত ভাৰতীয় সেনাই স্থাপন কৰিব
লাচিত বৰফুকন মিলিটাৰী ষ্টেচন
ধুবুৰী:
কেবল ধুবুৰী জিলালৈ নহয়, সমগ্ৰ অসমলৈ আহিল এক বিশেষ সুখবৰ। জিলাখনৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত বামুনীগাওঁৰ মুৰাবাৰীত ভাৰতীয় সেনাই স্থাপন কৰিব গৌৰবময় লাচিত বৰফুকন মিলিটাৰী ষ্টেচন। মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্যক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে স্থাপন কৰিবলগীয়া সেই মিলিটাৰী ষ্টেচনটোৰ নিৰ্মাণৰ কামৰ যোৱাকালি শুভ- উদ্বোধন কৰে ভাৰতীয় সেনাৰ
কমাণ্ডৰ GOC-in-C লেফ্টেনেণ্ট জেনাৰেল আৰ. চি. তিৱাৰীয়ে। যোৱাকালিৰ সেই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সেনাৰ গণৰাজ্য কৰ্পছৰ GOC লেফ্টেনেণ্ট জেনাৰেল গম্ভীৰ সিং, অসম আৰক্ষীৰ আইজিপি (T&AP) বিবেক ৰাজ সিং, ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক দেৱাশীষ বৰা, জিলা আয়ুক্ত দিবাকৰ নাথ, বিলাসীপাৰা চক্ৰ
উন্নয়ন বিষয়া প্ৰতিলেখা ডেকা প্ৰমুখ্যে সেনা আৰু আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়া-বৰ্গ। আগতীয়াকৈ সেনাৰ এই মিলিটাৰী ষ্টেচনটো স্থাপনৰ সিদ্ধান্ত কেবল ধুবুৰীয়েই নহয়, অসমৰ বাবেও এটা গৌৰৱৰ ক্ষণ ৰূপে পৰিগণিত হৈছে। আশা কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য্য, বীৰত্ব আৰু নেতৃত্বৰ ঐতিহ্যক আগবঢ়াবলৈ এই মিলিটাৰী ষ্টেচনটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ।