চোৰৰ বিৰুদ্ধে নগাঁৱৰ বটদ্ৰৱাত তীব্ৰতৰ অভিযান
সাতদিনত এঘাৰ চোৰ গ্ৰেপ্তাৰ
নগাঁও:–
চোৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়ে। জিলাখনৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা আৰু আশে-পাশে থকা অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ,নামঘৰ- মন্দিৰত চুৰি কাৰ্য কৰি অহা চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বিগত ৭দিনত মুঠ ১১ টাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মঙলবাৰেও বটদ্ৰৱা অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলে তিনিটা চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা চোৰকেইটাৰ পৰা আৰক্ষীয়ে বৈদ্যুতিক ফেন,কাঁহ-পিতলৰ কাঁহী, ঘটি-লোটা,হেতা,তৌ,বাতি,তামৰ থালি,ত্ৰিশূল,ধূপদানি,বাল্টি,কেমেৰা, ম’বাইল ফোন,ষ্টিলৰ বাচন বৰ্তন, বৈদ্যুতিক জোখমাখ যন্ত্ৰ,নগদ ধন আদি বুজন পৰিমাণৰ বহু মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰা
হয়। উল্লেখ্য যোগ্য যে,দীৰ্ঘদিন ধৰি বটদ্ৰৱা এলেকাত ব্যাপক উপদ্রৱ চলাই আহিছিল চোৰে। স্বৰ্ণ অলঙ্কাৰ,নগদ ধনসহ বিভিন্ন মূল্যবান সামগ্ৰী চুৰি কৰি এক তাণ্ডৱ চলাই আহিছিল চোৰৰ দলে। চোৰৰ এনে সন্ত্ৰাসত ত্ৰাহি মধুসূদন দেখা বটদ্ৰৱাবাসীয়ে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ ওচৰ চাপিছিল। সমান্তৰালভাৱে চোৰক নাকি লগাবলৈ আৰক্ষীৰ ওচৰত লিখিতভাৱে আবেদন জনাইছিল। ইয়াৰ পিছতে চোৰৰ বিৰুদ্ধে অভিযানত নামে বটদ্ৰৱাৰ আৰক্ষী। আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলে পৃথক পৃথকভাবে অভিযান চলাই বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা বিগত দিনত ১১টা চোৰক কৰায়ত্ব কৰে।উল্লেখ্য যে,মঙলবাৰে আৰক্ষীয়ে কৰায়ত্ব কৰা চোৰকেইটাৰ তিনিটা হৈছে নগাঁও জিলাৰ বলিকটীয়াৰ ৰফিকুল ইছলাম, জয়নাল আবেদিন আৰু মেলেকা ধিং গাঁৱৰ ইছটাক হুছেইন। বৰ্তমান এই চোৰকেইটাক অধিক তদন্তৰ বাবে বটদ্ৰৱা থানাত জেৰা অব্যাহত ৰখা হৈছে। ভবিষ্যতেও চোৰৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া মহন্তই ।