...

চৰাইবাহী মহাবিদ্যালয়ত দুদিনীয়াকৈ ড° ভূপেন হাজৰিকা জীৱন আদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সামৰণি

Spread the love

 

 

চৰাইবাহী মহাবিদ্যালয়ত দুদিনীয়াকৈ ড° ভূপেন হাজৰিকা জীৱন আদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সামৰণি

 

 

নগাঁও

সংগীত সূৰ্য,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে মৰিগাঁও জিলাৰ চৰাইবাহী মহাবিদ্যালয়ত ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ ড° ভূপেন হাজৰিকাৰ জীৱন আদৰ্শৰ ওপৰত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হয়। চৰাইবাহী মহাবিদ্যালয়ৰ অসমীয়া,ইংৰাজী আৰু শিক্ষা বিভাগৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু অসমীয়া বিভাগৰ আৰু কটহগুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা সত্ৰখনিৰ উদ্বোধন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথে ৷ চৰাইবাহী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক হৰি নাৰায়ণ ডেকাই আঁত ধৰা আলোচনা সত্ৰ উদ্বোধনী অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত পৰ্যালোচনা কৰে অসমৰ বিশিষ্ট সাংবাদিক,গীতিকাৰ বিদ্যুৎ কুমাৰ ভূঞাই। আলোচনা সত্ৰৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিৰেশ কুমাৰ ডেকাই৷ চৰাইবাহী মহাবিদ্যালয়ৰ গুণগত মান নিৰ্ণায়ক কোষৰ তত্বাবধায়ক ড° চক্ৰধৰ ডেকাই আলোচনা সত্ৰ খনিৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰে৷ আনহাতে আলোচনা চক্ৰখনিত সমল ব্যক্তি হিচাপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ত্ৰিবেণী শইৰকীয়া আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° শ্যামলী দলৈ,শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পাৰ্থ প্ৰতীম ফুকন,কটহগুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ফিৰোজ খানৰ লগতে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷ আনহাতে আলোচনা চক্ৰৰ দ্বিতীয় দিনা অনলাইন যোগে অনুষ্ঠিত আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয় সহযোগী অধ্যাপক ড° নীলমণি ফুকন৷ সত্ৰখনিৰ সঞ্চালনা কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড° বিজয় কুমাৰ নাথ আৰু পৰিচালনা কৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল হাজৰিকাই‌৷ প্ৰমাণ পত্ৰ বিতৰণৰ অন্তত সামৰণি ভাষণ প্ৰদান কৰে আলোচনা সত্ৰৰ সমন্বয়ক হৰি নাৰায়ণ ডেকাই ৷ শেষত ড° ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক গীত পৰিবেশনেৰে আলোচনা সত্ৰৰ সফল সামৰণি পৰে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *