সোণতলীত ধৰ্ষণকাৰীক জে’ললৈ
সোণতলী:
ছমৰীয়াৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত লটুৰাদিয়া এন ছিত কিশোৰীক ধৰ্ষণকাৰীক কালি আৰক্ষীয়ে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে সোণতলীৰ লটুৰাদিয়া এন ছি গাঁৱৰ সুলভ মূল্যৰ দোকানী ছবুৰ আলীৰ নেতৃত্বত এগৰাকী কিশোৰীক কিছুদিন পূৰ্বে পথাৰত নি বলপূৰ্বকভাবে দলবদ্ধ উপৰ্যুপৰি ধৰ্ষণ কৰে৷ অভিযোগ অনুসৰি ছবুৰ আলীৰ গেংটোৱে ধৰ্ষণ কৰি ম’বাইল কেমেৰাত অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলিং কৰি একাধিকবাৰ কিশোৰীজনীক ধৰ্ষণকাৰ্য চলায়৷ ইপিনে ধৰ্ষণকাৰী গেংটোৱে উক্ত অশ্লীল ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰে৷ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাত ভুক্তভোগীয়ে সোণতলী 