Skip to content “নাহৰ” ভালপোৱা জুবিন গাৰ্গক নাহৰেৰে জীয়াই ৰখাৰ প্ৰয়াস নগাঁৱৰ লুইত বৰাৰ,ঘৰে ঘৰে নাহৰৰ পুলি ৰোপণৰ লক্ষ্য
নগাঁও: ১২অক্টোবৰ:– “ঘৰত নাহৰ এজোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকা নিচিনা লাগিব। য’ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে।” এই কথাখিনি নাহৰ গছ ভালপোৱা প্ৰিয় শিল্পী,হিয়াৰ আমঠু জুবিন গাৰ্গে অনুৰাগীসকলক উদ্দেশ্যি কৈছিল । প্ৰকৃতিৰ প্ৰতি অপৰিসীম ভালপোৱা থকা জুবিন গাৰ্গে আনকো প্ৰকৃতিক ভাল পাবলৈ শিকাইছিল । গছ-গছনি, জীৱ-জন্তুক ভালপোৱাৰ লগতে সংৰক্ষণৰ বাবে জীৱিতকালত সদায়ে কাম কৰি গৈছিল নৱ প্ৰজন্মৰ হাৰ্টথ্ৰʼব জুবিন গাৰ্গে। নাহৰ গছ ভালপোৱা জুবিনক নাহৰেৰে জীয়াই ৰখাৰ প্ৰয়াস নগাঁৱৰ ননৈৰ লুইত বৰাৰ । আজি মহান শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ অনুৰাগীসকলে লৈছে সেই দায়িত্ব। মৰমৰ তথা প্ৰিয় শিল্পীগৰাকীৰ কথাবোৰ,আহ্বানবোৰ যেন আখৰে আখৰে পালন কৰিছে অনুৰাগীসকলে । তাৰ অন্যতম উদাহৰণ দেখা পোৱা গৈছে নগাঁও জিলাত । শিল্পীগৰাকীৰ স্মৃতিত এজন অনুৰাগীয়ে লৈছে বিশেষ পদক্ষেপ । অনুৰাগীজনে নীৰৱে আৰম্ভ কৰিছে এক সেউজীকৰণ বিপ্লৱ । সকলোৰে হিয়াৰ আমঠু,প্রিয় শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছতে শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঘৰে ঘৰে ৰোপণ কৰিছে নাহৰ গছৰ পুলি । নীৰৱে প্ৰকৃতিৰ কাম কৰি অহা নগাঁৱৰ ননৈৰ শ’লমাৰীৰ লুইত বৰাই জুবিন গাৰ্গে ভালপোৱা নাহৰৰ পুলি বিভিন্নজনক বিতৰণো কৰিছে । প্ৰথম পৰ্যায়ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও ১০১ টা পৰিয়ালক নাহৰ পুলি বিতৰণ কৰাৰ লগতে ঘৰৰ চৌহদত ৰোপণ কৰাৰ লক্ষ্য লৈছে লুইত বৰাই । প্ৰতিটো পৰিয়ালকে বিনামূলীয়াকৈ তেওঁ দিছে নাহৰৰ পুলি। নাহৰৰ পুলিৰ লগতে জুবিন গাৰ্গৰ এখন ফটো সম্বলিত বেনাৰো দিছে পৰিয়ালবোৰক ।
য’ত প্রিয় শিল্পীগৰাকীৰ জন্ম আৰু মৃত্যুৰ তাৰিখৰ লগতে ‘মায়াবিনী’ গীতৰ কলি উল্লেখ আছে । এই বেনাৰখন যাতে নিজৰ ঘৰৰ ভিতৰত ভালদৰে লগাই থৈ শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিব পাৰে তাৰ বাবেও তেওঁ সকলোকে আহ্বান জনাইছে । ঘৰে ঘৰে নাহৰৰ পুলি ৰোপণেৰে একপ্ৰকাৰ প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথাও উল্লেখ কৰে লুইত বৰাই । এই অভিযান সন্দৰ্ভত তেওঁ কয় যে হিয়াৰ আমঠু,প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেখেতৰ হৈ মই মধ্য অসমৰ বিভিন্ন প্ৰান্তত ১০১ টা নাহৰৰ পুলি ৰোপণ কৰাৰ কথা ভাবিছোঁ । ইতিমধ্যে মই প্ৰায় ৭৪ টা পুলি ৰোপন কৰা হৈছে । শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নাই যদিও যুগ যুগান্তৰলৈ আমাৰ হৃদয়ত থাকিব। মই এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ । ব্যক্তিগতভাৱে জুবিন গাৰ্গক লগ পোৱাৰ কথা উল্লেখ কৰি লুইত বৰাই কয় যে নাহৰ তেওঁ ভাল পাইছিল । মই ব্যক্তিগতভাৱে তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিল । মই তেতিয়াই গম পাইছিলো তেওঁ প্ৰকৃততে প্ৰকৃতিক ভালপোৱা এজন মানুহ । নাহৰৰ প্ৰতি তেওঁৰ বিশেষ টান আছিল । গতিকে মই নাহৰৰ পুলি ৰোপন তেওঁক সোঁৱৰণ কৰিব বিচাৰিছোঁ । তেওঁৰ কাৰণে মোৰ এইখিনি কষ্ট,শ্ৰম একো ডাঙৰ কথা নহয় । তেওঁৰ কাৰণে আৰু আমাৰ বহুত কৰিবলগীয়া আছে । ভৱিষ্যতে ১০১ টাতকৈও অধিক নাহৰৰ পুলি ৰোপণ কৰিব বুলিও তেওঁ উল্লেখ কৰিছে । লুইত বৰাই জনোৱা মতে এই অভিযান তেওঁ যোৰহাটত সমাপ্ত কৰিব । প্ৰাকৃতিক সৌন্দৰ্যৰে লুইতৰ পাৰ জিলকাই তোলাৰ পৰিকল্পনা কৰা জুবিন অনুৰাগী প্ৰকৃতিপ্ৰেমী লুইত বৰাই পূৰ্বে মধ্য অসমৰ ৫০১ খন গাঁৱত কপৌ ফুলৰ পুলি ৰোপণ কৰিও গঢ়ি তুলিছিল আন এক বিপ্লৱ। সম্পূৰ্ণ নিজৰ খৰচেৰে প্ৰতিখন গাঁৱত ৫ টাতকৈও অধিক কপৌ পুলি ৰোপণ কৰিছিল । বিশেষকৈ নগাঁও জিলাৰ উপৰি মৰিগাঁও,হোজাই আদি জিলাত তেওঁ কপৌ পুলি ৰোপণ কৰিছিল । মধ্য অসমৰ ৫০১ খন গাঁৱত কপৌ ফুলৰ পুলি ৰোপণ কৰা লুইত বৰা পেছাত এগৰাকী কৃষক তথা ব্যৱসায়ী । বৰাই কবিতা,প্ৰবন্ধ লিখিও ভালপায় । কেৱল এয়াই নহয়,নিজৰ বাৰীতে ৪ হাজাৰ জোপাৰো অধিক তামোল গছৰ উপৰিও বিভিন্ন গছ ৰোপণ কৰি নিজৰ বাৰীতেই এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে লুইত বৰাই ।
ঋতু পৰ্ণ শৰ্মা, নগাঁও