...

জনজাতিকৰণৰ আন্দোলনত চামিল বিজেপিঃ মুখ্যমন্ত্ৰী

Spread the love

 

 

জনজাতিকৰণৰ আন্দোলনত চামিল বিজেপিঃ মুখ্যমন্ত্ৰী

 

 

২৫ নৱেম্বৰত বিধানসভাত দাখিল হ’ব জনজাতিকৰণৰ প্ৰতিবেদন

 

 

চাইন অন ডেস্ক:

অহা ২৫ নৱেম্বৰত অসম বিধানসভাত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে কৰা আন্দোলনৰ কাৰ্যসূচীত বিজেপি কৰ্মীয়েও চামিল হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, জনজাতিকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী সদায়েই সমৰ্থন আছে। ইয়াত আমি নিজেও জড়িত হৈ আছোঁ। আমাৰ কাৰ্যকৰ্তাসকলেও জড়িত হৈ আছে। জনজাতিকৰণৰ সমস্যাটো সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কেবিনেট কমিটিয়ে গঠন কৰি দিয়া কমিটিখনে অহা ২৫ নৱেম্বৰত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে, কালি নিশা ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিৱালয়ত মৰান জনগোষ্ঠীৰ সংগঠনৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনজাতিকৰণৰ দাবীক লৈ তিনিচুকীয়া উত্তাল কৰি তোলা মৰান জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে নিশা প্ৰায় ৮.৩০ বজাৰ পৰা আলোচনাত মিলিত হৈছে। যিহেতু মৰান জনগোষ্ঠীয় সংগঠনসমূহে অহা ২৭ নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ কথা ঘোষণা কৰিছিল। যদিহে আলোচনা ফলপ্ৰসূ নহয়, তেনেহ’লে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰিছে মৰান জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই। ইফালে অনানুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে মটক যুৱ-ছাত্র সন্মিলনে।অৱশ্যে ১২ অক্টোবৰত গুৱাহাটীত মটক জনগোষ্ঠীয় সংগঠনসমূহে জনজাতিকৰণৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হ’ব বুলিও জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *