...

শ্যামকানু মহন্তৰ ১৭৪ পৃষ্ঠাৰ লেখ আবেদনখন….

Spread the love

শ্যামকানু মহন্তৰ ১৭৪ পৃষ্ঠাৰ লেখ আবেদনখন….

 

-জ্যোতিষ কুমাৰ পাতিৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। ১৪ দিনৰ চিআইডিৰ জিন্মাত থাকিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ। শেহতীয়াকৈ শ্যামকানু মহন্তই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনক লৈ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ১৭৪ পৃষ্ঠাৰ লেখ আবেদনত শ্যামকানুৱে উল্লেখ কৰিছে বহু বিস্ফোৰক তথ্য। বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অসম আৰক্ষীৰ পৰা আঁতৰাই চিবিআই বা নিয়াৰ দৰে সংস্থাক গোচৰ হস্তান্তৰৰ বাবে অনুৰোধ জনাইছে। এই সমগ্ৰ ঘটনাৰ বাবে শ্যামকানু মহন্তই জগৰীয়া কৰিছে সংবাদ মাধ্যমক।
তাৰোপৰি শ্যামকানুৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি সংশয় অহা বুলি উল্লেখ কৰিছে লেখ আবেদনখনত। ইতিপূৰ্বে অসমত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে। জুবিনৰ মৃত্যুৰ প্ৰসংগত ৰাজ্য চৰকাৰৰ একাধিক শীৰ্ষ কাৰ্যবাহীয়ে কৰা মন্তব্যক লৈয়ো লেখ আবেদনখনত বিষোদগাৰ প্ৰকাশ কৰিছে। লেখ আবেদনত মুখ্যমন্ত্ৰীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে নেতিবাচক মন্তব্য কৰি অহাৰ কথা সদৰি কৰিছে। লেখ আবেদনখনত গাঁথি দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলত দিয়া পোষ্টৰ স্ক্ৰীনশ্বট্।
ৰাজ্য চৰকাৰে গঠন কৰা এছ আই টিয়ে কৰা তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ নহব বুলি উল্লেখ কৰি নিজৰ পত্নীসহ দুই কন্যাৰ নিৰাপত্তাক লৈয়ো শংকা প্ৰকাশ কৰিছে। চিআইডিৰ তদন্ত প্ৰক্ৰিয়াক আশ্বস্ত নথকা শ্যামকানু মহন্তই লেখ আবেদনখনত সুশান্ত সিং ৰাজপুতৰ প্ৰসংগ উত্থাপন কৰিছে। নিজকে এজন উদ্যোগী আৰু উত্সৱৰ সংগঠক হিচাপে দাবী কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থসামাজিক দিশটোত নিষ্ঠাসহকাৰে কাম কৰি অহাৰ কথা লেখ আবেদনখনত উল্লেখ কৰিছে। একেদৰে ছিংগাপুৰৰ ঘটনাস্থলীৰ তথ্য প্ৰমাণসহ তদন্ত প্ৰক্ৰিয়া আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংৰক্ষণৰ বাবেও দাবী উত্থাপন কৰিছে।
ৰাজ্যিক সংস্থাসমূহে শ্যামকানুৰ বিৰুদ্ধে বৃহত্ ষডযন্ত্ৰৰ লগতে মিডিয়া ট্ৰায়েলৰ বাবে বলিৰ পঠা সজোৱা বুলি অভিযোগ কৰিছে। তদন্তকাৰী কৰ্তৃপক্ষই শ্যামকানু মহন্তৰ বাসগৃহ আৰু ছীল কৰা প্ৰক্ৰিয়াক ভুল আখ্যা দিয়াৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ লগতে আবেদনকাৰীৰ বেংক একাউন্ট বন্ধ কৰাক লৈ অসন্তোষ্ট প্ৰকাশ কৰিছে শ্যামকানু মহন্তই। ইয়াৰ জৰিয়তে শ্যামকানু মহন্তৰ জীৱন-জীৱিকাৰ অধিকাৰ ভংগৰ অভিযোগ আনিছে। এনেধৰণে প্ৰায় ১৭৪ পৃষ্ঠাজোৰা লেখ আবেদনখনত আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰি শ্যামকানু মহন্তই নিজক নিৰ্দোষী সজোৱাৰ প্ৰয়াস চলাইছে।
সম্প্ৰতি চিআইডিৰ জিন্মাত থকা শ্যামকানু মহন্তই নিতৌ ঘন্টা ঘন্টা ধৰি জেৰাৰ সন্মুখীন হবলগীয়া হৈছে। চিআইডিৰ উপৰ্যপুৰী প্ৰশ্নত শ্যামকানু মহন্ত একপ্ৰকাৰ মানসিকভাৱে ভাগি পৰা বুলি খবৰ পোৱা গৈছে। শ্যামকানু মহন্তই লেখ আবেদনখনৰ নটাৰী কৰপৰা কৰা হৈছিল সেই বিষয়ে এতিয়া নিশ্চিত তথ্য লাভ কৰা নাই যদিও একাংশ সংবাদ মাধ্যমৰমতে শ্যামকানু মহন্তই লেখ আবেদনৰ নটাৰী মালয়েছিয়াৰ পৰা কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *