Skip to content “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা”
কৈঠালকুছিৰ দুৰ্গা পূজাৰ ২ অক্টোবৰৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান বাতিল
কৈঠালকুছি:
ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতিনাশিনী মা দুৰ্গাৰ পূজাৰ আজি মহাঅষ্টমী ৷ৰাজ্যৰ প্ৰান্তে- প্ৰান্তে পুৱাৰে পৰা মাংগলিক কাৰ্যৰ মাজেৰে দেৱী দুৰ্গাক কৰা হৈছে আৰাধনা ৷ কিন্তু পূৰ্বৰ দৰে এইবাৰ পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ,নাই পূৰ্বৰ আনন্দ উল্লাস ৷কিয়নো অসমত এইবাৰ জুবিন গাৰ্গ বিহীন প্ৰথম দুৰ্গা পূজা । লুইত কণ্ঠ জুবিন গাৰ্গৰ অকাল বিয়োগত ম্ৰিয়মাণ হৈ ৰাইজে কেৱল আধ্যাত্মিকতা ৰক্ষা কৰিহে আৰম্ভ কৰিছে এইবাৰৰ পূজা ।ৰাজ্যৰ সকলো প্ৰান্ততে পূজাৰ আয়োজকসকলে পূজাৰ লগতে অনুষ্ঠিত কৰিছে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মণ্ডপৰ সন্মুখত প্ৰতিষ্ঠা কৰি সকলোৱে জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি৷ নলবাৰী জিলাৰ কৈঠালকুছিৰ সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱতো একেই পৰিৱেশ৷উক্ত পূজা খনৰ উদ্যাপন সমিতিয়ে হৃদয়ৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান বাতিল কৰিছে । পূজা উদ্যাপন সমিতিয়ে আজি সংবাদমাধ্যমক জানিবলৈ দিয়া মতে কৈঠালকুছি দুৰ্গা পূজা মহোৎসৱৰ ২ অক্টোবৰৰ বিজয়া দশমীৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ আছিল কণ্ঠশিল্পী হিয়া মেধি আৰু পল আকাশৰ গীতৰ শৰাই ।কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই বিজয়া দশমীৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে বুলি আয়োজক সমিতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৷
Like this:
Like Loading...