...

চেচাঁ নদীৰ অৰ্ধগলিত অৱস্থাত যুৱকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ

Spread the love

চেচাঁ নদীৰ অৰ্ধগলিত অৱস্থাত যুৱকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত বলাইৰ চেঁচা নদীত বৰবৰুৱা আৰক্ষীয়ে এক অচিনাক্ত মৃতদেহ বিয়লি প্ৰায় ৫বজাত উদ্ধাৰ কৰে। উল্লেখ্য যে কালি বিয়লি ভাগত স্থানীয় লোকে নৈৰ সুঁতত এজন যুৱকৰ মৃতদেহ উটি অহা প্ৰত‍্যক্ষ কৰে।মৃতদেহটো প্ৰত‍্যক্ষ কৰি স্থানীয় লোকে বৰবৰুৱা আৰক্ষীক খবৰ দিয়াত সেই স্থানত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।উল্লেখযোগ্য যে, অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। উক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছত ৭২ ঘণ্টা অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *