...

লাহোৱালৰ এছ কে এছ ইংলিছ একাডেমীত হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Spread the love

লাহোৱালৰ এছ কে এছ ইংলিছ একাডেমীত হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

 

চাইন অন ডেস্ক:

অসম আৰু অসমীয়াৰ মহীৰূহ বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গলৈ আজি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অন্যতম শিক্ষানুষ্ঠান এছ কে এছ ইংলিছ একাডেমীত পাঠদানৰ আৰম্ভণিতেই শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে গভীৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। এই উপলক্ষে লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক ডঃদয়ানন্দ শ্বাহে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ,বন্তি প্ৰজ্বলনৰ পিছত পূষ্পাঞ্জলী অৰ্পণ কৰি কয় যে জুবিন গাৰ্গ অকল অসমৰে বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ শিল্পী হিচাপে চিৰস্মৰণীয় হৈ থাকিব তথা তেখেতৰ সংগীতে সদায় অসমৰ জাতীয় জীৱনত হৃদয়াঙ্গম কৰি প্ৰতি গৰাকী অসমীয়াক সাহস, অনুপ্ৰেৰণা যোগাব বুলি মননশীল বক্তব্য আগবঢ়ায়। অনুষ্ঠানত এছ কে এছ ইংলিছ একাডেমীৰ উপাধ্যক্ষা পূৰ্ণিমা দাসে শিল্পী জুবিন গাৰ্গৰ সংগীত জগতত মহীৰূহ বিশ্ববৰেণ্য শিল্পী হিচাপে জুবিন গাৰ্গ বন্দিত থাকিব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত অন্যান্য শিক্ষক শিক্ষয়িত্ৰী সকলেও প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে উক্ত অনুষ্ঠানত লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীত পৰিবেশন কৰি প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এছ কে এছ ইংলিছ একাডেমীয়ে অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ উপৰিও শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *