Skip to content জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত
চি আই ডিৰ পৰিবৰ্তে ন্যায়াধীশৰ নেতৃত্বত হওক
ভাৰতীয় গণনাট্য সংঘৰ দাবী
চাইন অন ডেস্ক:
অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী উজ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমেই নহয়, ভাৰতৰ শিল্প-সাংস্কৃতিক জগততো অভাৱনীয় ক্ষতি হʼল। কেৱল গীতিকাৰ -গায়ক হিচাপেই যে তেখেত সমাদৃত তেনে নহয়, নিজে গীত লেখি, সুৰ দি, কেৱল অসমীয়া ভাষাতেই নহয়, ভাৰতৰ অন্যান্য ভাষাকে ধৰি গাইছিল কেইবা হাজাৰটা গীত। তাৰোপৰি জীৱনৰ ইমান কম সময়ৰ ভিতৰতে বোলছবি নিৰ্মাণ কৰি, সংগীত পৰিচালনা কৰিও সৰ্বস্তৰৰ জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মহান শিল্পী গৰাকীৰ ব্যক্তিগত জীৱনৰ অন্যান্য জন কল্যাণমূলক কাম-কাজবোৰতো আছেই। এনে এগৰাকী মহান শিল্পীপ্ৰাণৰ অকাল বিয়োগ নিশ্চিত ভাবে অসম তথা ভাৰতৰ বাবে এক বিস্তৰ ক্ষতি। ভাৰতীয় গণনাট্য সংঘই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।–সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎচন্দ্ৰ নেওগ আৰু প্ৰধান সম্পাদক বিপুল তালুকদাৰে এই কথা প্ৰকাশ কৰে।
প্ৰেছ বাৰ্তাত লগতে প্ৰকাশ কৰে যে,মহান শিল্পী গৰাকীৰ অকাল মৃত্যুৰ পিছৰ পৰাই বিভিন্ন সংবাদ মাধ্যমৰ লগতে মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা বিভিন্নজন ব্যক্তিৰ ইতিমধ্যে প্ৰচাৰিত ভিন্নসুৰি অভিমতৰ ভিত্তিত এনে এটা ধাৰণা স্পষ্ট হয় যে, জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক নহয় বৰং ই এক হত্যাকাণ্ডহে। নিতান্তই ই আন এক উদ্বেগজনক বিষয় আৰু এইক্ষেত্ৰত তদন্তৰ দ্বাৰা দোষীক কৰায়ত্ত কৰি যথোপযুক্ত শাস্তিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন।ৰাজ্যজুৰি এই সন্দেহজনক হত্যাকাণ্ডৰ তদন্তৰ দাবী উঠিছে আৰু মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে তদন্তৰ ঘোষণা কৰি তদন্তৰ দ্বায়িত্ব চি আই ডিৰ হাতত অৰ্পন কৰিছে। “এই হত্যাকাণ্ডৰ নেপথ্যত অসমৰ এক শক্তিশালী চক্ৰৰ হাত আছে বুলিও ইতিমধ্যে সামাজিক মাধ্যমৰ যোগে প্ৰচাৰিত হোৱা দেখা গৈছে আৰু যিহেতু হত্যাকাণ্ডটো বিদেশত হৈছে, সেয়েহে তদন্তৰ সুবিধা আৰু নিৰপেক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি তদন্তটো চি আই ডিৰ পৰিবৰ্তে ন্যায়িক ভাবে হোৱাটো আমি কামনা কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিও অনুৰোধ জনাওঁ যে, ন্যায়ালয়ৰ কোনো এগৰাকী ন্যায়াধীশৰ নেতৃত্বত তদন্তটো কৰাৰ ব্যৱস্থা কৰা হওক।”– বিবৃতিটোৰ যোগে এই কথা প্ৰকাশ কৰে গণনাট্য সংঘৰ ৰাজ্যিক বিষয়ববীয়াদ্বয়ে।