জুবিনৰ গানৰ পৰা বছৰি কোটি টকা ঘটি থাকিব সিদ্ধাৰ্থই!
মৃগাংক ময়ুৰ গাৰ্গ
আপুনি মই নিবিচাৰিলেও কেৱল অনুৰাগীয়ে শুনি থকা গানবোৰৰ পৰাই হয়তো জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থই ঘটি থাকিব বছৰি কোটিৰ ঘৰত টকা !
Youtube, Spotify, Apple Music,JioSaavn,Gaana-কে ধৰি আন আন platform বোৰৰ Rights আছে Zubeen Garg Music LLP ৰ হাতত( LLPIN -AAZ 5718 ) l আৰু তাৰে Designated Director হিচাপে দুজন ব্যক্তি । এজন জুবিন গাৰ্গ আৰু আনজন মেনেজাৰ সিদ্ধাৰ্থ ( DIN 09409035 )
যদিও বা Spotify Revenue Sharing model অনুসৰি অসম খন low revenue market , কিন্তু দেশে বিদেশে সহস্ৰ অনুৰাগী থকা জুবিন দাৰ Rights থকা এই LLP ৰ Spotify ৰ পৰাই আৰ্জন হ’ব বহু কোটি টকা। ( Payout Per Stream ধৰি লওক বিদেশত এটা গান এবাৰ শুনিলে 30-40 পইচা আৰু অসম-ভাৰতত 10 পইচা মান )
তাৰোপৰি জুবিন দাৰ অবৰ্তমানত এই Stream ৰ সংখ্যা এতিয়া বহুগুণে বৃদ্ধি পাব । দুখৰ মূহূৰ্তবোৰত এই গানবোৰেই আমাৰ লগ হ’ব । Rights Holder Zubeen Garg LLPএ অধিক Revenue পাব ।
জুবিন দাৰ Nominee -এ যিমান বেছি আৰ্জন কৰে তাত আমাৰ ক’ব লগীয়া নাই । পৰিয়ালে পাওক । কিন্তু এই দগাবাজ অসভ্য মেনেজাৰ সিদ্ধাৰ্থই কিয় জুবিন দাৰ কষ্টোপাৰ্জিত ধনৰ ভাগ ওপৰতে পাব ? দাদাৰ প্ৰয়োজনৰ মূহূৰ্তত জলকেলি কৰি সি যি কৰিব লাগে কৰিলেই । আমি আমাৰ মৰমৰ দাদাক হেৰুওৱাৰ মূলতে তাৰ Negligence আৰু বেপৰোৱা মনোভাৱ বুলি হাজাৰ বাৰ ক’ম ।
LLP Agreement খনৰ clause, Ownership % , terms and conditions ৰ বিষয়ে আমি জ্ঞাত নহয় । আইনৰ বিশেষজ্ঞও নহয় । কিন্তু ধুৰন্ধৰ মেনেজাৰটোৱে যে নিজৰ লাভৰ বাবে কিবা Terms সুমুৱাই লৈছে সেয়া সহজেই অনুমেয় । আশা কৰিম জুবিন দাৰ পৰিয়ালে প্ৰয়োজন সাপেক্ষে যথোচিত আইনী পদক্ষেপ ল’ব । পুনৰীক্ষণ কৰিব । LLP dissolve হওক । বদমাচ বেপাৰী এটাই দাদাৰ সৃষ্টিৰ টকাৰে লাহ- বিলাহ কৰিব বা এটকা এটাও পাব সেয়া মানি নোৱাৰি । জুবিন দাই দিনে ৰাতিয়ে কৰা কষ্টৰ টকা এইবোৰ , দাদাই ভালপোৱা কামত খৰচ হওক ।