...

গণশিল্পী জুবিন গাৰ্গৰ বিয়োগত অসম নেপালী সাহিত্য সভাৰ শোক প্ৰকাশ

Spread the love

গণশিল্পী জুবিন গাৰ্গৰ বিয়োগত অসম নেপালী সাহিত্য সভাৰ শোক প্ৰকাশ

জুবিনক “বিশ্বকণ্ঠ ” হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান

 

বালিপৰা:

অসমৰ গণশিল্পী জুবিন গাৰ্গৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম নেপালী সাহিত্য সভাই । সভাৰ কেন্দ্ৰীয়
সভাপতি ড০ চিন্তামণি শৰ্মা, কাৰ্যকৰী সভাপতি ড০ ইন্দুপ্ৰভা দেৱী আৰু সম্পাদক প্ৰধান তিলক শৰ্মাৰ স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিযোগে সভাই জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে অসমীয়া সংগীতৰ আকাশত উজ্বল নক্ষত্ৰ হিচাপে পৰিচিত সদ্যপ্ৰয়াত জুবিন গাৰ্গে অসমীয়া, হিন্দী, নেপালী,বঙালী, আদি বিভিন্ন ভাষাত প্ৰায় ৪০ হাজাৰৰো অধিক গীত গাই অদ্বিতীয় শিল্পীৰূপে অসমক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত গৌৰাৱান্বিত কৰিছিল । তেওঁৰ মাধুৰ্যপূৰ্ণ কণ্ঠ, সৃষ্টিশীলতা আৰু অৱদান সদায় অসমীয়া সমাজৰ সংগীত ভাণ্ডাৰত অম্লান হৈ থাকিব । বিজ্ঞপ্তিখনত লগতে কোৱা হৈছে যে এইবছৰৰ দুৰ্গা পূজাত আধ্যাত্মিক অনুষ্ঠানৰ বাহিৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ নোহোৱা পৰ্যন্ত অন্য মনোৰঞ্জনাত্মক সকলো সাংস্কৃতিক অনুষ্ঠানসমূহ স্থগিত ৰাখি তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ গোৰ্খাসকলৰ লগতে সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছে । তেওঁলোকে লগতে জুবিনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতক এতিয়াৰেপৰা “বিশ্বকন্ঠ” হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ অসম চৰকাৰক প্ৰস্তাৱ আগবঢ়ায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *