ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ উদ্যোগত শৈক্ষিক বক্তৃতাৰ আয়োজন
চাইন অন ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাই (DUTA) ২০২৫ চনৰ ১৬ ছেপ্টেম্বৰ, মঙলবাৰে, এই বছৰৰ প্ৰথমটো তথা সামগ্ৰিকভাৱে পঞ্চম শৈক্ষিক বক্তৃতাৰ আয়োজন কৰে। বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ভবনত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি ড° ডেভিড কাৰ্ডঙে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড° জিতেন হাজৰিকাই উদ্বোধনী ভাষণ প্ৰদান কৰে। নিজ ভাষণত হাজৰিকাই প্ৰথমে শিক্ষক সন্থাই ধাৰাবাহিকভাৱে সফলতাৰে বক্তৃতা আয়োজন কৰি অহাত অভিনন্দন জনায় আৰু বিষয়টোৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেওঁ সাম্প্ৰতিক প্ৰেক্ষাপটত ভাৰতীয় জ্ঞান-পৰম্পৰাৰ সৈতে বক্তৃতাৰ বিষয়ৰ এক তাৎপর্যপূৰ্ণ সংযোগ স্থাপন কৰে।
এইবাৰৰ শৈক্ষিক বক্তৃতা প্ৰদান কৰে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ বিভাগীয় প্রধান আৰু পূৰ্বৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ মেনেজমেণ্ট চাইন্সৰ ৰ গুৰু আৰু IQAC-ৰ সঞ্চালক, অধ্যাপক চন্দনা গোস্বামীয়ে। তেওঁৰ বক্তৃতাৰ বিষয়বস্তু আছিল — “জীৱন ব্যৱস্থাপনাঃ নিজক বুজাৰ পৰা আৰম্ভণি (Life Management: Begins with Understanding of Self)”।
গোস্বামীয়ে বক্তৃতাত আত্ম-চেতনাৰ লগে লগে মানসিক আৰু অনুভূতিজনিত সুস্থতা (emotional wellness)-ৰ গুৰুত্ব বিশেষভাৱে আলোকপাত কৰে। তেওঁ ব্যাখ্যা কৰে যে প্ৰতিদিনে এটা মানৱমস্তিষ্কই প্ৰায় ৬০০০ চিন্তা উদ্ভৱ কৰে, যাৰ কিছুমান ইতিবাচক আৰু কিছুমান নেতিবাচক। এই চিন্তাবোৰেই মানুহৰ দৈনন্দিন সিদ্ধান্ত, আচৰণ আৰু অনুভূতিৰ মূল উৎস। ইতিবাচক অনুভূতিৰ চাৰিত্ৰিক গুণ হ’ল আশাবাদ, কৃতজ্ঞতা আৰু আত্ম-বিশ্বাস, আৰু নেতিবাচক অনুভূতিৰ উৎস হ’ল ভয়, সন্দেহ আৰু আত্ম-অবিশ্বাস।

বক্তৃতাৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল – মানুহক প্ৰভাৱিত (influence) কৰাৰ ক্ষমতা। গোস্বামীয়ে কৈছিল যে আত্ম-উপলব্ধি, ইতিবাচক যোগাযোগ আৰু নৈতিক আচৰণেৰে প্ৰকৃত অৰ্থত মানুহে অন্যক প্ৰভাৱিত কৰিব পাৰে। প্ৰভাৱিত কৰাৰ অৰ্থ জোৰজুলুম নহয়, বৰঞ্চ এক আদৰ্শ প্ৰদৰ্শনৰ জৰিয়তে আনক অনুপ্ৰাণিত কৰা।
তেওঁ ব্যক্তিগত জীৱন, পেচাগত জীৱন আৰু সামাজিক দায়িত্বৰ মাজত সমতা স্থাপন কৰাৰ দিশত বিভিন্ন কৌশলও দাঙি ধৰে। বিশেষকৈ, সময়-ব্যৱস্থাপনা, ইতিবাচক চিন্তাধাৰা আৰু আত্ম-উন্নয়নৰ অভ্যাস গঢ়ি তোলাৰ প্ৰয়োজনীয়তা তেওঁৰ বক্তৃতাৰ মূল গুৰি আছিল।
অনুষ্ঠানত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষক, গবেষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি লক্ষ্য কৰা যায়। বক্তৃতাৰ অন্তত এক মুক্ত আলোচনা অনুষ্ঠিত হয় য’ত বহু অংশগ্ৰহণকাৰীয়ে অধ্যাপক গোস্বামীক প্ৰশ্ন কৰে আৰু নিজৰ মতামত আগবঢ়ায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সম্পাদক ড° বৰুণ দেৰ শলাগ জ্ঞাপনেৰে সামৰণি পৰা অনুষ্ঠানটোৰ আঁত ধৰে ড° কুহেলি দাসে।