বিজনীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
বিগত সময়ছোৱাত বিটিচিত বিপিএফ, ইউ পি পি এল দলে শাসন চলালে, এইবাৰ বিজেপিক শাসনত আনি চাওক ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিয়লি চিৰাং জিলাৰ বিজনী মহকুমাৰ আনন্দ বজাৰত বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণত এনেদৰে কয় ৷ অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় সাধাৰণ নিৰ্বাচনৰ বাবে ১৮ নম্বৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ সমৰ্থনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সভাত অংশ গ্ৰহণ কৰে।
