...

ভেৰগাঁও পৰিষদীয় সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা

Spread the love

ভেৰগাঁও পৰিষদীয় সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা

মুখ্যমন্ত্ৰী ভেৰগাঁৱৰ ডিমাকুছিলৈ অহাৰ এটা দিন পূৰ্বে এই হিংসা

তীব্ৰ উত্তেজনা

 

ডিমাকুছি:

BTR প্ৰধান প্ৰমোদ বড়োই BTRত শান্তি আহিছে বুলি ফিতাহি মৰা, প্ৰমোদ বড়োৰ UPPL দলৰেই একাংশ লোকে কৰিছে অপ্ৰীতিকৰ ঘটনা।বিটিচি নিৰ্বাচনলৈ মাত্ৰ ১১ দিন বাকী,বিটিচি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ভেৰগাঁৱত নিৰ্বাচনী হিংসা।কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেৰগাঁৱৰ ডিমাকুছিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব , মুখ্যমন্ত্ৰী অহাৰ পূৰ্বেই ভেৰগাঁৱত অপ্ৰিতীকৰ হিংসাত্মক ঘটনা।ইউপিপিএল কৰ্মীৰ কেইগৰাকীমান যুৱকে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰি আহত কৰাৰ উপৰিও দুখনকৈ গাড়ী ভাঙি পেলোৱাৰ লগতে গাড়ী চালকৰ মোবাইল কঢ়ি নিয়াৰ অভিযোগ।
মঙ্গলবাৰে নিশা বিজেপিৰ কৰ্মীয়ে ডিমাকুছিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা নিৰ্বাচনৰ কাম-কাজ শেষ কৰি ঘৰলৈ গৈ থকা পথতে UPPL কৰ্মীৰ একাশং উদণ্ড যুৱকে কেইবাখনো গাড়ীৰে আগচি ধৰি বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ তোলে।BJP কৰ্মীয়ে ডিমাকুছিৰ পৰা খাগ্ৰাবাৰী গৈ থকাৰ সময়ত কলবাৰী-শিঙিমাৰীৰ পথৰ মাজৰ এক জনশূন্য পৰিবেশৰ মাজত সংঘটিত হয় এই ঘটনা।
ঘটনা স্থলীত লগে-লগে ডিমাকুছি আৰক্ষী আৰু খাগ্ৰাবাৰী আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে।UPPL কৰ্মীৰ প্ৰহাৰত আহত হয় ডিমাকুছিৰ গৌতম দৈমাৰী (২৪) , জাবাংগা পথাৰৰ সুব্ৰতম বড়ো (২৫) আৰু ঢেকিয়াজুলীৰ গাড়ী চালক দণ্ডী নাথ।আক্ৰমণকাৰীয়ে হাতে-হাতে লাঠি লৈ আহি প্ৰহাৰ কৰাৰ অভিযোগ, আনকি সুব্ৰতম বড়োৰ গোপন অংগত গুৰিওৱাৰ ফলত গুৰুত্বৰ ভাৱে আহত হয়। গাড়ীৰ চালক দণ্ডী নাথৰ এখন কাণৰ শ্ৰৱণ শক্তি নোহোৱা হয়।
আহত কেইগৰাকীক ডিমাকুছি আৰক্ষীৰ সহায়ত লগে-লগে ডিমাকুছি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰে।UPPL কৰ্মীৰ সৈতে খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা ও জড়িত থকাৰ অভিযোগ কৰে আহত যুৱকে।নিশাই ২০ গৰাকী UPPL যুৱকৰ ওপৰত ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে BJP কৰ্মীয়ে।
উল্লেখ্য যে কিছুদিন আগত বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ আধাৰশিলা কৰিবলগীয়া কেইবাখনো ফলক দুৰ্বৃত্তই ভাঙি- ছিঙি চুৰ্মাৰ কৰিছিল।নিশাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ভেৰগাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *