Skip to content ডিব্ৰুগড়ত “সাংসদ খেল মহোৎসৱ-২০২৫”ৰ প্ৰস্তুতিমূলক সভা
২১ ছেপ্তেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত “সাংসদ খেল মহোৎসৱ-২০২৫”
সমগ্ৰ দেশৰ তৃণমূল পৰ্যায়ত গাৱে-ভূয়েঁ ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি বিকশিত কৰাৰ লক্ষ্য
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত “সাংসদ খেল মহোৎসৱ-২০২৫” ৰ প্ৰস্তুতিমূলক সভা আজি শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, অহা ২১ ছেপ্তেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো অনুষ্ঠিত হ’ব “সাংসদ খেল মহোৎসৱ-২০২৫”। আজিৰ সভাত জিলা ক্ৰীড়া বিষয়া চেমী শইকীয়াই “সাংসদ খেল মহোৎসৱ-২০২৫” সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে। “সাংসদ খেল মহোৎসৱ-২০২৫”ৰ আয়োজনৰ মূল উদ্দেশ্য হৈছে যুৱক-যুৱতীৰ মাজত ক্ৰীড়া আৰু ক্ৰীড়া সংস্কৃতিৰ নেতৃত্বৰ প্ৰসাৰ কৰা, ক্ৰীড়া আৰু ফিটনেচৰ জড়িয়তে সমাজৰ বিভিন্ন স্তৰৰ প্ৰতিভা একত্ৰিত কৰা, প্ৰতি ঘৰে ঘৰে ফিট ইণ্ডিয়াৰ বাৰ্তা প্ৰচাৰ কৰা, সমগ্ৰ দেশৰ তৃণমূল পৰ্যায়ত গাৱে-ভূয়েঁ ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি বিকশিত কৰা, পৰম্পৰাগত আৰু থলুৱা খেলসমূহ প্ৰচাৰ কৰা লগতে অঞ্চলভিত্তিক চিনাক্ত কৰি এই খেলসমূহ সংৰক্ষিত কৰা। “সাংসদ খেল মহোৎসৱ-২০২৫”ৰ নিৰ্ধাৰিত ৫ টা অলিম্পিক স্বীকৃতপ্ৰাপ্ত প্ৰতিযোগিতা হৈছে ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিক্স (লঘু আৰু দীৰ্ঘ দুৰত্বৰ)। এই প্ৰতিযোগিতাত ১৭ বছৰৰ অনুৰ্ধৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব পাৰিব। আনহাতে, এই খেল মহোৎসৱত ৩ টা থলুৱা প্ৰতিযোগিতা খোখো, ৰচী টনা আৰু কেটেপা অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰতিযোগিতাত সকলো পৰ্যায়ৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব । আনহাতে তিনিচুকীয়া জিলাত সুকীয়াকৈ কাবাডী খেল ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে। প্ৰতিযোগিতাসমূহ
মুঠ তিনিটা পৰ্যায়ত ক্ৰমে গাওঁ পৰ্যায়ত, ব্লক পৰ্যায়ত আৰু সাংসদীয় সমষ্টি পৰ্যায়ত আয়োজিত হ’ব। “সাংসদ খেল মহোৎসৱ-২০২৫”
ত অংশগ্ৰহণ কৰিবৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলে ৩০ ছেপ্তেম্বৰৰ ভিতৰত উক্ত
Link- sansadkhelmahotsav.inত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আজিৰ সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলী সোনোৱাল, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্বল ফুকন, তিনিচুকীয়া জিলা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া প্ৰমুখ্যে চাবুৱা, নামৰূপ তথা নাহৰকটীয়া পৌৰসভাৰ পৌৰপতিসকল, আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল , গাওঁ পঞ্চায়তৰ সভাপতি তথা সম্পাদকসকল আৰু ক্ৰীড়া সংগঠকসকল উপস্থিত থাকে।