বৰবৰুৱাত পথ সুৰক্ষা সজাগতা সভা সম্পন্ন
হেলমেট নিপিন্ধাৰ বাবেই দেশত ২০২৪ বৰ্ষত ৩০ হেজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ অৰ্থে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি বৰবৰুৱাত এক পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়৷ ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতি, বৰবৰুৱা আৰক্ষী থানা, বৰবৰুৱা আৰক্ষী থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ যৌথ উদ্যোগত আয়োজিত তথা থানাখনৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সদস্য, ৱাৰ্ড মেম্বাৰ আৰু শিক্ষাৰ্থীসহ ডেৰ শতাধিক লোকৰ উপস্থিতিত বৰবৰুৱা ব্লক প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ প্ৰদান কৰি মৰাণ সমজিলাৰ আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনে দেশত দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত শিক্ষাৰ্থী আৰু ৰাইজৰ মাজত সজাগতাৰ কথা দোহাৰে৷

সভাত ডিব্ৰুগড় জিলা পৰিৱহণ বিষয়া কাৰ্যালয়ৰ যান-বাহন পৰিদৰ্শক উদ্দীপ্ত হাজৰিকাই প্ৰজেক্টৰৰ জড়িয়তে পথ সুৰক্ষা সম্পৰ্কীয় কিছু দিশৰ কথা আলোকপাত কৰে৷ তদুপৰি বৰবৰুৱা ফায়াৰ ছেফটি একাদেমিৰ সঞ্চালক গণপতি চুংক্ৰাঙেও আগবঢ়োৱা বক্তব্যত পথ সুৰক্ষাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা আৰু সকলোৰে দায়িত্বৰ ওপৰত চমু আলোকপাত কৰি পৰৱৰ্তী সময়ত বৰবৰুৱাত অধিক বহুলভাৱে সজাগতা সভাৰ আয়োজন কৰিব বুলি মন্তব্য কৰে৷ ইয়াৰ লগতে বৰবৰুৱা ৰামেশ্বৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল নাথ, বৰবৰুৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে’ও ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক এই দিশত গুৰুত্ব প্ৰদানৰ আহ্বান জনায়৷ বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুৰাজ দাসে আঁতধৰা সভাত জিলা পথ সুৰক্ষা সমিতিৰ সদস্য, পথ সুৰক্ষা কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই কেতবোৰ উদাহৰণ দি কয় যে নিজকে পথ দুৰ্ঘটনাৰ পৰা আঁতৰত ৰাখিবলৈ সজাগতাৰ বাদে বিকল্প নাই৷ পথত যান-বাহন চলাওঁতে এইকথা ভৱা উচিত যে নিজৰ বাহিৰে পথত লগ পোৱা আটাইবোৰ যান-বাহনৰ চালক মুৰ্খ৷ বিশেষকৈ আৰক্ষী, জিলা পৰিৱহণ কাৰ্যালয়, আৱকাৰী বিভাগকে ধৰি জিলাখনত নিৰৱিচ্চিন্নভাৱে অভিযান চলোৱাৰ পিছতো উৎসৱৰ মাহসমূহ [এপ্ৰিল, অক্টোবৰ আৰু ডিচেম্বৰ-জানুৱাৰী] ত বিগত ২০২৪ বৰ্ষত ডিব্ৰুগড় জিলাত ৪৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বাকী মাহকেইটাত মুঠ ১২৩ গৰাকী লোকৰ অকাল মৃত্যু হোৱাৰ কথা অৱগত কৰে৷
তদুপৰি ২০২৪ বৰ্ষত দেশত ৰ লাখ ৮০ হেজাৰ লোক পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি বিগত ৮ বছৰত ৩২ লাখৰো অধিক লোক চিৰদিনৰ বাবে ঘূণীয়া হৈছে৷¸ এনেধৰণৰ ঘূণীয়া লোকৰ সংখ্যা যদি বছৰি বৃদ্ধি পাই গৈ থাকে তেন্তে সেইদেশ ‘ঘূণীয়াৰ দেশ’লৈ পৰ্যৱশিত হ’ব৷ দুচকীয়া বাহনত হেলমেট নিপিন্ধাৰ বাবেই ১৮-৩৪ বছৰৰ বয়সৰ বিশেষকৈ নতুন প্ৰজন্মৰ ৩০ হেজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে যিটো দেশৰ বাবে মানৱ সম্পদৰ অপচয় হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ কেৱল চৰকাৰকে বাট নেচাই এইদিশত সকলোৱে মিলিজুলি কাম কৰাৰ আহ্বান জনাই তেওঁ
সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় জিলাৰ অৱসৰী পৰিৱহণ বিষয়া তথা লেখক সঞ্জীৱ হাজৰিকাই প্ৰজেক্টৰৰ জড়িয়তে পথৰ কাষত বিভাগে স্থাপন কৰা কেতবোৰ দুৰ্ঘটনা বিৰোধী চিহ্নসমূহৰ বিষয়ে অৱগত কৰি কয় যে পথ দুৰ্ঘটনা নিজে কেতিয়াও সংঘটিত নহয়৷ ইয়াৰ অন্তৰালত থকা মানৱীয় ক্ৰুটি, পথৰ দুৰৱস্থা, ভুল দিশত গাড়ী চলোৱা, সুৰাপান কৰি যান-বাহন চলোৱা, হেলমেট আৰু চীটবেল্ট পৰিধান নকৰা, ম’বাইল ফোনত কথা পতা আদি বিষয়সমূহ উল্লেখ কৰি এনেবোৰ দিশৰ প্ৰতি সচেতনতা প্ৰদৰ্শন কৰি নিজৰ লগতে আনকো মৃত্যুৰ মুখৰ পৰা বচোৱাৰ বাবে আহ্বান জনায়৷
