...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মহিলা উদ্যোগী সন্মিলন- অভ্যুদয় ২০২৫ ৰ সামৰণি

Spread the love

 

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মহিলা উদ্যোগী সন্মিলন- অভ্যুদয় ২০২৫ ৰ সামৰণি

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰ আৰু স্বেচ্ছাসেৱী সংস্থা ছেভেন চিষ্টাৰ্ছ ডেভেলপমেণ্ট এচিছটেন্স চমুকৈ SeSTA ৰ উদ্যোগত আৰু এক্সিছ বেংক ফাউণ্ডেশ্যন আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান(ASRLM)ৰ সহযোগত অভ্যুদয় ২০২৫ শীৰ্ষক দুদিনীয়া মহিলা উদ্যোগী সন্মিলন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ২৯ আৰু ৩০ আগষ্টত সফলতাৰে অনুষ্ঠিত হয় । তৃণমূল পৰ্যায়ৰ মহিলা উদ্যোগীসকলৰ সবলীকৰণ‌ৰ উদ্দেশ্যেৰে আয়োজিত এই সন্মিলনখনত অসমৰ ওপৰিও মেঘালয় আৰু ত্ৰিপুৰা পৰা নিৰ্বাচিত প্ৰতিশ্ৰুতিসম্পন্ন গ্ৰাম্য মহিলা উদ্যোগীসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Faculty of Social Sciences ডীন (Dean) ড০ ডলী ফুকনে মহিলাৰ অধিকাৰ তথা সৰ্বাংগীন উন্নয়নক আগুৱাই নিয়াত মহিলা উদ্যোগীসকলৰ ভূমিকাক আলোকপাত কৰি উদ্বোধনী ভাষণ প্ৰদান কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৱে আত্মনিৰ্ভৰশীল অসম তথা ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত মহিলা উদ্যোগীৰ ভূমিকা লগতে মহিলা উদ্যোগীসকলৰ সৱলীকৰণৰ বাবে ৰূপায়িত চৰকাৰী আঁচনি, সুবিধাসমূহৰ বিষয়ে আলোকপাত কৰে। এক্সিছ বেংক ফাউণ্ডেশ্যন (Axis Bank Foundation ) ৰ হৰ্ষবৰ্ধন ধাৱনে মহিলা নেতৃত্বাধীন উদ্যোগসমূহক শক্তিশালী কৰাৰ বাবে আৰ্থিক আৰু প্ৰতিষ্ঠানিক সহায়ৰ প্ৰয়োজনীয়তাৰ আৰু Axis Bank Foundation ৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানটোত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইজন সফল উদ্যোগীয়ে তেওঁলোকৰ সফলতাৰ যাত্ৰা ব্যক্ত কৰাৰ লগতে অংশগ্ৰহণকাৰী সকলৰ সৈতে বাৰ্তালাপত অংশগ্ৰহন কৰি নতুন উদ্যোগীসকলক দিকদৰ্শন দিয়া লগতে অত্যাৱশ্যকীয় ব্যৱসায়িক কৌশল সমূহৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানটোত একাংশ মহিলা উদ্যোগীৰ সফলতাৰ কাহিনী প্ৰদৰ্শন কৰা হয়। দুদিনিয়া এই কাৰ্যসূচীত Breaking Barriers: Grassroots Entrepreneurship & Ecosystem শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহন কৰা ভিন্ন ক্ষেত্ৰৰ আলোচকসকলে বিভিন্ন দিশৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰমি এক সহায়ক উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
দ্বিতীয় দিনা Dream,Dare and Deliver: Pitch to win শীৰ্ষক প্ৰতিযোগিতাত উদ্যোগীসকলে বিশেষজ্ঞসকলৰ আগত নিজৰ ব্যৱসায়িক ধাৰণাসমূহ প্ৰদৰ্শন কৰে আৰু পশ্চিম মঙ্গলদৈ উন্নয়ন খণ্ডৰ অনিমা গগৈয়ে প্ৰথম স্থান লাভেৰে ৮০ হাজাৰ টকা, পূব যোৰহাট উন্নয়ন খণ্ডৰ অমিয়া গগৈয়ে দ্বিতীয় স্থান লাভেৰে ৫০ হাজাৰ টকা, উজনি মাজুলী উন্নয়ন খণ্ডৰ ৰঞ্জিতা পেগুৱে তৃতীয় স্থান লাভেৰে ৩০ হাজাৰ টকা নিজ নিজ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে লাভ কৰে।

অনুষ্ঠানটোৰ সফল সমাপ্তিৰ বাবে আয়োজক সকলে অংশগ্ৰহনকাৰী সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান আয়োজন কৰিবলৈ যত্নপৰ হ’ব বুলি আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *