...

গৃহমন্ত্ৰী অমিত শ্বাহক সঁকিয়নি গৌৰৱ গগৈৰ

Spread the love

 

 

গৃহমন্ত্ৰী অমিত শ্বাহক সঁকিয়নি গৌৰৱ গগৈৰ

 

 

মই লাচিতৰ বংশৰ, মোক ভয় খোৱাবলৈ চেষ্টা নকৰিব:গৌৰৱ গগৈ
ডিব্ৰুগড়ৰ পৰা কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা

 

চাইন অন ডেস্ক:

‘মোক ভয় খোৱাবলৈ চেষ্টা নকৰিব। কাৰণ মই লাচিতৰ বংশৰ সন্তান।’ আজি ডিব্ৰুগড়ৰ লাহোৱালত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সঁকিয়নী প্ৰদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা এনডিএৰ পঞ্চায়ত সন্মিলনত গৃহমন্ত্ৰী অমিত শ্বাহে গৌৰৱ গগৈক উদ্দেশ্যি বাৰে বাৰে পাকিস্তানলৈ যোৱা নেতাক অসমৰ দায়িত্ব দিয়া নহয় বুলি কৰা মন্তব্যৰ ৰাজহুৱা প্ৰত্যুত্তৰ দি গৌৰশ গগৈয়ে অমিত শ্বাহক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰে।

 

লাহোৱালৰ মটক চাহ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জনসভাত গৌৰৱ গগৈয়ে কয়, আমাৰ বিৰুদ্ধে যিমানেই ভুৱা অভিযোগ জাপি নিদিয়ক লাগে, আমাৰ দেহত শেষবিন্দু তেজ থকালৈকে যুঁজি যাম। হাজাৰ হাজাৰ কংগ্ৰেছৰ বুথ পযায়ৰ নেতা-কৰ্মীক লৈ অনুষ্ঠিত সভাত কংগ্ৰেছৰ সভাপতি গগৈয়ে লগতে কয়, ২৬ত কংগ্ৰেছ চৰকাৰ গঠনৰ ঢৌ উজনিৰ পৰাই আৰম্ভ হৈছে। আমি ব্যক্তিগত স্বাৰ্থৰ বাবে চৰকাৰ গঠন নকৰোঁ। দুখীয়া মানুহক সহায় কৰিবলৈ চৰকাৰ গঠন কৰিম। আমাৰ দলে চৰকাৰ গঠন কৰিলে নিজৰ এছ অ’ পি থাকিব। এই এছ অ’ পি অনুসৰি চাহ বাগিচাত মদৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খোলা হ’ব। দিছপুৰত বহি থকা দালালক ঠিকা দিয়াতকৈ থলুৱাক ঠিকা দিয়া হ’ব। ব্যক্তিগত স্কুল খোলাৰ পৰিৱৰ্তে চৰকাৰী স্কুল স্থাপন কৰা হ’ব। আদানী-আম্বানীক মাটি দিয়াতকৈ থলুৱা উদ্যোগীক মাটি দিম। চৰকাৰী স্কুলৰ শিক্ষকৰ দৰমহা নিয়মীয়া কৰা হ’ব। হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ ভিতৰত মদৰ দোকান দি নতুন প্ৰজন্মক নিঃশেষ কৰিব বিচাৰিছে। আমাৰ চৰকাৰৰ দিনত ল’ৰা-ছোৱালীক কম্পিউটাৰ-লেপটপ দিছিলোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বন্দুক, মদ তুলি দিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ মানুহৰ প্ৰতি কোনো সহানুভূতি নাই। চাহ বাগিচাৰ উন্নয়নৰ বাবে কোনো ভূমিকা লোৱা নাই। বাগিচাৰ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰা নহ’ল। বাগিচাৰ পথবোৰ পকীকৰণ নহ’ল।

ইফালে সন্দেহযুক্ত বিদেশীক উচ্ছেদৰ নামত খিলঞ্জীয়াক উচ্ছেদ কৰা বুলি অভিযোগ তুলি গৌৰৱ গগৈয়ে লগতে কয়, আদানীক ৪০ হাজাৰ বিঘা মাটি বিক্ৰী কৰিছে। চৰকাৰে এডভান্টেছ আসাম পতা নাই, এডভান্টেছ আদানী আয়োজন কৰিছে। ভাষা-ভাষী গোষ্ঠীৰ নামত সংঘাত অনাৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মহাভাৰতৰ শকুনী মামাৰ লগত তুলনা কৰি গৌৰৱ গগৈয়ে কয়, মহাভাৰতত মামা আছিল শকুনী। অসমৰ শকুনী মামা হ’ল হিমন্ত বিশ্ব শৰ্মা। খিলঞ্জীয়া মানু্হৰ কথা চিন্তা কৰাৰ বিপৰীতে নিজৰ পৰিয়ালৰ কথাহে চিন্তা কৰে। অসমত ঔদ্যোগ খুলিবলৈ হ’লে মামী টেক্স দিব লাগে। মামীক টেক্স নিদিয়াকৈ অসমত একোৱেই কাম নহয়। এইয়াই হ’ল অসমত চলি থকা মামী টেক্সৰ শাসন। সভাত ঝাৰখণ্ডৰ কৃষিমন্ত্ৰী নেহা তিৰ্কীয়ে উপস্থিত থাকি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ঝাৰখণ্ডৰ নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হৈ প্ৰচাৰ চলাবলৈ অহাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছিল। কিন্তু অসমৰ মামাৰ সেই চক্ৰান্ত ঝাৰখণ্ডত সফল নহ’ল।

বিজেপিয়ে দেশৰ সংবিধান খৰ্ব কৰা দেশৰ জনতাৰ ভোটৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে। বিজেপি দলে ৰাজতন্ত্ৰৰ জৰিয়তে দেশ পৰিচালনা কৰিব বিচাৰি বুলিও অভিযোগ কৰিছে। ইফালে পঞ্জাৱ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ অমৰিন্দৰ সিং ৰাজাই ভাষণ প্ৰদান কৰি কয়, নিৰ্বাচনত বিজেপিয়ে ভোট চোৰ কৰি অহাৰ সন্দেহ আমাৰ আগৰ পৰাই আছিল। কিন্তু আমাৰ হাতত প্ৰমাণ নাছিল। এতিয়া আমাৰ হাতত সকলো প্ৰমাণ মজুত আছে। বিজেপিয়ে ভোট চুৰি নকৰা হ’লে শাসনত আমিয়েই আহিলোহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ দ্বিতীয় অমিত শ্বাহ আখ্যা দি হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ ৰাইজক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। হিন্দু-মুছলমানৰ নামত নিকৃষ্ট ৰাজনীতি কৰা বুলিও অভিযোগ কৰিছে। বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ভাষণ ক্ষোভ প্ৰকাশ কৰি কয়, বিজেপিয়ে আমাক জন্তু বুলি অপমান কৰিছে। আমাৰ নেতাসকলক অপমান কৰিবলৈ কুন্ঠাবোধ কৰা নাই। ব্ৰিটিছ বিৰোধী আন্দোলনত সেইসকল নেতাই ব্ৰিটিছৰ গোলামী কৰিছিল। আৰ এছ এছ আৰু হিন্দু মহাসভাই ব্ৰিটিছৰ মিত্ৰতা কৰিছিল। সেই দলে এতিয়া দেশ ৰক্ষাৰ কথা কয়। অসমত বিভাজন অনাৰ ষড়যন্ত্ৰ কৰিছে। স্বদেশীক বিদেশীৰ নামত উচ্ছেদ চলাইছে। কাৰ্বি, বড়ো, ৰাভা, ডিমাছাসকল কি বিদেশী নেকি? ১ লাখ হেক্টৰ থলুৱাৰ মাটি উচ্ছেদ কৰি বিদেশীক উচ্ছেদ কৰা বুলি দম্ভালি মাৰে।

এন আৰচিৰ নামত ব্লেলেকমেইলিঙৰ ৰাজনীতি কৰা বুলি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অভিযোগ উত্থাপন কৰি কয়, বিজেপি চৰকাৰৰ দিনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ’ল। চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা নহ’ল। পুঁজিপতিৰ কাৰণে কাম কৰা চৰকাৰখনক উচ্ছেদ কৰিবৰ হ’ল। ব্ৰিটিছৰ গোলামীৰ পৰা যেনেকৈ ভাৰতক মুক্ত কৰিছিল ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুজৰাটী গেঙক পুলিয়ে-পোখাই উৎখাত কৰিব লাগিব। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক নীলা শিয়ালৰ সৈতে তুলনা কৰি কয়, ভাৰতৰ জীৱন যাত্ৰাত নীলা শিয়ালৰ আবিৰ্ভাৱ ঘটিছে। কংগ্ৰেছৰ শাসনক অৱসান ঘটাবলৈ ২০১৪ চনত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈছিল। আৰ এছ এছৰ পূৰ্বসূৰী আৰু মুছলিম লীগে ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ পৃষ্ঠপোষকতা কৰিছিল। সম্প্ৰতি বিজেপিয়ে গণতন্ত্ৰক দুৰ্বল কৰাৰ প্ৰচেষ্টা চলাইছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তুত কৰিছিল অশোক সিংহালৰ দৰে ব্যক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰা নক্সাখনকে নিৰ্বাচন আয়োগে চূড়ান্ত কৰিলে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে কয়, মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনক বিৰোধ কৰিছিল বিজেপিৰ মাতৃ সংগঠন আৰ এছ এছে। এতিয়া এই দলটোৱে আটাইতকৈ দেশপ্ৰেমিক হোৱাৰ চেষ্টা কৰে। একেটা ভাষণত ঘাটোৱাৰে লগতে কয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত চাবুৱা আৰু লাহোৱাল সমষ্টিক বিলুপ্ত কৰাৰ অপমান ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাক। ৫০০ টকীয়া চিলিণ্ডাৰ দিয়াৰ প্ৰলোভন দেখোৱাই কংগ্ৰেছৰ সভাত অংশগ্ৰহনত বাধা দি আহিছে। বিজেপি চৰকাৰ অহাৰ পাছত বহু ন ন তথ্য আৱিষ্কাৰ কৰিছে। বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি তেওঁলোকে দাবী কৰিছে। অথচ সেই বাঘ হাজৰিকাৰ পৰিয়াল ডিব্ৰুগড়ত থাকে। মই নিজেই তেওঁলোকৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছোঁ।

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নিজৰ ভাষণত কয় যে, পাঁচ বছৰ অসমৰ ৰাইজৰ বাবে একো কাম কৰা নাছিল। জাতি-জনগোষ্ঠীৰ ওপৰত বিশ্বাস নথকা হিমন্ত বিশ্ব শৰ্মাই ভোট চোৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে। তৰুণ গগৈ চৰকাৰ অহাৰ পূৰ্বে অসমত চৰকাৰী চাকৰিয়ালে দৰমহা পোৱা নাছিল। অসমৰ অৰ্থনৈতিক অৱস্থা আছিল অতি তথৈবচ। তৰুণ গগৈ শাসনলৈ অহাৰ পাছত বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি ব্যৱস্থা কৰিছিল। ছাত্ৰ -ছাত্ৰীক বিনামূলীয়া চাইকেল দিয়াৰ ব্যৱস্থা কৰিছিল। অশান্ত অসমক শান্তিৰ পৰিৱেশ উভতাই অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। অসম চুক্তি ৰূপায়নতো আছুক লগত লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাম-কাজত আগভাগ লৈছিল। হিমন্ত বিশ্ব শৰ্মাই যদিহে ছয় জনগোষ্ঠীৰ পক্ষত তেনেহলে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সহকাৰী তত্বৱধায়ক বিকাশ উপাধ্যায়ে কয়, ত্যাগ আৰু বলিদানেই হৈছে কংগ্ৰেছ। এই কংগ্ৰেছক নিঃশেষ কৰাৰ কাৰো সাধ্য নাই।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ ছয়টা বিধানসভা সমষ্টিক লৈ আজি অনুষ্ঠিত হোৱা সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে শক্তি বৃদ্ধি কৰি তুলিলে গৌৰৱ গগৈৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *