...

ডিব্ৰুগড়ৰ মিলন নগৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ শুভাৰম্ভণি কৰে সোণোৱালে

Spread the love

 

 

ডিব্ৰুগড়ৰ মিলন নগৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ শুভাৰম্ভণি কৰে সোণোৱালে

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় চহৰৰ মানকটা ৰ’ডত অৱস্থিত আউনীআটী শাখা সত্ৰত কালি বিয়লি প্ৰধানমন্ত্ৰীৰ স্বনিধি আঁচনি শীর্ষক এটি গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল। ডিব্রুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ যৌথ উদ্যোগত আয়োজিত অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পিএম স্বনিধি আঁচনিৰ জৰিয়তে লাভান্বিত বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰে।

পিএম স্বনিধি আঁচনিৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখি সোণোৱালে কয়, “পিএম স্বনিধি আঁচনিৰ মূল লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা। ইয়াৰ দ্বাৰা এগৰাকী ব্যক্তিয়ে নিজৰ পৰিয়ালটোক মর্যাদাসহকাৰে আগুৱাই নিয়াৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই শক্তি আৱিষ্কাৰ কৰিছে। ২০১৪ চনত দেশৰ শাসনভাৰ হাতত লৈ তেখেতে সমগ্র ভাৰতৰ জনগণৰ ইতিহাস, যোগ্যতা আৰু সম্ভাৱনা অধ্যয়ন কৰি দেখিলে যে পৃথিৱীৰ বহু ৰাষ্ট্ৰতকৈ আমাৰ ৰাষ্ট্ৰখন বহু পৰিমাণে উন্নত হোৱাৰ থল আছে। ভাৰত বিভিন্ন বনজ, জলজ, স্থলজ তথা মানৱ সম্পদেৰে চহকী। ইয়াত প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু এই শক্তিক কেৱল চাই থাকি সান্ত্বনা লভিলেই নহ’ব, ইয়াক আমি উজ্জীৱিত কৰিব লাগিব। তাৰ বাবে প্রয়োজন আছিল উচিত নীতিৰ আৰু আত্মোপলব্ধিৰ।

দেশৰ দৰিদ্ৰ জনতাক আর্থিকভাৱে সকাহ দি মর্যাদাসহকাৰে জীয়াই থকাত সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ সৃষ্টি কৰিছিল। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাবে ধন্যবাদ জনাইছোঁ।”
“ক’ভিড-১৯ মহামাৰীৰ সময়ত মানুহৰ চলাচলৰ সীমাবদ্ধতাৰ বাবে বহুতো খাটি খোৱা লোক তথা ক্ষুদ্র ব্যৱসায়ীসকলে যথেষ্ট দুর্ভোগ ভুগিবলগীয়া হৈছিল। সেই সময়ত হোৱা ৰাইজৰ দুৰ্দশালৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতাক সকাহ দিয়াৰ উদ্দেশ্যে এই আঁচনি ৰাষ্ট্ৰৰ নামত উছৰ্গা কৰিছিল।

এই আঁচনিৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয় বেংকসমূহক পদপথৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে তিনিটা কিস্তিত ঋণ দিয়াৰ নির্দেশ দিয়ে। তেখেতসকলে প্রথমতে ১০ হাজাৰ আৰু সেই ঋণ পৰিশোধৰ পাছত ক্রমান্বয়ে ২০ হাজাৰ আৰু ৫০ হাজাৰ টকাকৈ ঋণ পাবলৈ সক্ষম হয়। লগতে সফলতাৰে চলাই নিয়া ব্যৱসায়ীসকলে ৭% ঋণ ৰাজসাহায্য হিচাপেও পৰৱৰ্তীকালত লাভ কৰে। ঋণ পৰিশোধৰ নীতি-নিৰ্দেশনা ৰাইজৰ অনুকূল হোৱাকৈ সৃষ্টি কৰাৰ ফলত বহুতো লোকে ব্যৱসায়ত সফল হোৱা দেখিবলৈ পোৱা গৈছে।”, সোণোৱালে ভাষণ প্রসংগত উল্লেখ কৰে।কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কংগ্ৰেছ দলৰ প্ৰতি মুকলিকৈ বিষেদগাৰ প্ৰকাশ কৰি কয়, “গৰীৱ কল্যাণৰ কথা কোৱা কংগ্ৰেছে তেওঁলোকৰ ৫৫ বছৰীয়া শাসনকালত হাতে-কামে একো কৰি দেখুৱাব নোৱাৰিলে। তেওঁলোকৰ বিকাশ কেৱল শ্লোগানতে
সীমাবদ্ধ হৈ ৰৈ গ’ল।

কংগ্ৰেছ চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ কেন্দ্রীয় মন্ত্রীজনে কয় যে কংগ্ৰেছৰ দিনত চৰকাৰৰ পৰা অহা এটকাৰ ৮৪ পইচাই মধ্যভোগীয়ে আত্মসাৎ কৰিছিল। স্বয়ং ৰাজীৱ গান্ধীয়েই এই কথা স্বীকাৰ কৰিছিল। কিন্তু পিএম স্বনিধি আঁচনিৰ সঠিক ৰূপায়ণেৰে মোদী ডাঙৰীয়াই দেখুৱাই দিলে তেখেতে দৰিদ্ৰ জনতাৰ হাত কেতিয়াও নেৰে। কাৰণ তেখেতে মানৱীয় প্ৰমূল্যবোধৰ ওপৰত আধাৰিত নীতি ‘সবকা চাথ, সবকা বিকাশ; সবকা বিশ্বাস, সবকা প্রয়াস’ৰ ওপৰত গভীৰভাৱে বিশ্বাসী।”তদুপৰি, ডিব্ৰুগড়ৰ মিলন নগৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ শুভাৰম্ভ কৰে সোণোৱালে।
আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন, খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্রম কৈৰী, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত জয় বিকাশ, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্রমুখ্যে অন্যান্য বিষয়াসকল, গণ্য-মান্য ব্যক্তিসকল আৰু হিতাধিকাৰীসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *