...

নগাঁৱৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ আৰম্ভ

Spread the love

নগাঁৱৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ আৰম্ভ

নগাঁও,31আগষ্টঃ– নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হʼব । ৰবিবাৰে “মহাৰজত জয়ন্তী ২০২৫-২৬ বৰ্ষৰ শুভাৰম্ভণি মহোৎসৱ” উপলক্ষে বিদ্যালয় প্ৰাংগণত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। পুৱা বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰী,প্রাক্তন শিক্ষাৰ্থী, অৱসৰপ্ৰাপ্ত আৰু বদলি হোৱা শিক্ষাগুৰু,শুভাকাংক্ষী তথা কৰ্মচাৰীসকলৰ অংশগ্ৰহণেৰে চৌহদত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱা ৯ বজাত মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী আৰু শʼলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই। জ্যেষ্ঠ শিক্ষক দিপাংক গিৰি দেৱ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত মংগল উৰুলিৰ ধ্বনিৰ মাজেৰে মহাৰজত জয়ন্তীৰ স্থায়ী স্মাৰকৰ আধাৰশিলা স্থাপন কৰা হয়।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই উল্লেখ কৰে যে যিসকল মহান ব্যক্তিৰ ত্যাগৰ বলত জন্মলাভ কৰা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি গৌৰৱোজ্জল ৭৫ বছৰ ভৰি দিছে,সেইসকলক স্মৰণ কৰিছোঁ । উল্লেখযোগ্য যে ৰবিবাৰে আৰম্ভণি হোৱা অনুষ্ঠানটিৰ সামৰণি জানুৱাৰী মাহত কৰা হʼব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ তেৰাৰ নামেৰে প্ৰতিস্থিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সকলো কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ বুলি মন্তব্য প্ৰকাশ কৰে। ইফালে দুপৰীয়া বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ভাৰপ্ৰাপ্ত অধ্যক্ষা হিৰামনি বৰুৱাই শুভাৰম্ভ কৰা শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে গায়ন বায়ন,ভাওনা সংস্কৃতি,তিৱা,বড়ো, কাৰ্বি আদি জনগোষ্ঠীয় সংস্কৃতি প্ৰতিফলিত কৰি সমগ্ৰ বটদ্ৰৱা অঞ্চল পৰিভ্ৰমণ কৰে । বিয়লি প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয় ।
নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *