Skip to content নগাঁৱত “আদি কৰ্মযোগী অভিযান” ৰ অৰিয়েন্টটেচন সভা
নগাঁও,২৮আগষ্ট:- নগাঁও জিলা পৰিষদৰ কাৰ্যলয়ৰ সভাকক্ষত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ “আদি কৰ্মযোগী অভিযান” ৰ অৰিয়েন্টটেচন সভাখন অনুষ্ঠিত হয়।
“আদি কৰ্মযোগী অভিযান” হৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত এক অভিলাসী তথা দূৰদৰ্শী আঁচনি,যাৰ মুখ্য উদ্দেশ্য হ’ল জনজাতীয় সম্প্ৰদায়ৰ জনসাধাৰণৰ জীৱন যাত্ৰাৰ মান উন্নত কৰি তেওঁলোকক স্বাৱলম্বী কৰি তোলা । এই অভিযান কেৱল এটা কাৰ্যসূচী নহয়,বৰঞ্চ ই জনজাতীয় জনসাধাৰণক সামাজিক জীৱনত ইতিবাচক পৰিবৰ্তন আনিবলৈ গ্ৰহণ কৰা এটি দীর্ঘম্যাদী কৌশল । এই আঁচনিৰ দ্বাৰা চৰকাৰী কৰ্মচাৰী সকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে আদি কৰ্মযোগী হিচাপে সৱলীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে লগতে স্বেচ্ছাসেৱী সংগঠন আদিকো এই পদক্ষেপত জড়িত কৰা হৈছে । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সহকাৰী আয়ুক্ত শিল্পী ৰেখা পণ্ডিত, জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে । সভাত আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত জিলা আয়ুক্ত তথা আদি কৰ্মযোগী অভিযানৰ জিলা নʼডেল বিষয়া শ্ৰীমতী মনোৰমা মৰাংয়ে ।
নগাঁও