...

অসমৰ চাহ উদ্যোগক মাধমাৰ

Spread the love

অসমৰ চাহ উদ্যোগক মাধমাৰ

ক্ৰমে ধ্বংসৰ দিশলৈ ২০০ বছৰীয়া অসমৰ চাহ ইতিহাসৰ গৌৰৱ।

চাইন অন ডেস্ক:

অসমৰ চাহক অবহেলা কৰি অসমলৈ কেনিয়া, শ্ৰীলঙ্কা, নেপাল আদি দেশৰ চাহক আদৰণী জনালে ভাৰতীয় টি বোৰ্ডে।
বিশেষ ভাৱে কেনিয়া চাহে ধ্বংস কৰিছে ভাৰতীয় টি উদ্যোগ।
শেহতীয়াকৈ ৰাজ্যৰ লগতে দেশৰ ভিন্ন স্থানত বহিঃ ৰাষ্ট্ৰীয় চাহে ভাৰতীয় টি বোৰ্ডৰ জৰিয়তে বজাৰ দখল কৰা বাবে হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়ক লগতে অসমৰ চাহ উদ্যোগক।
বহিঃ ৰাষ্ট্ৰীয় চাহৰ আগমণৰ ফলত অসমৰ চাহৰ কেঁচা পাতৰ মূল্য এতিয়া ১১ টকা দৰলৈ নামিছে।ডিব্ৰুগড়ত উত্তৰ পূৰ্ব তথা ৰাজ্যৰ বহু কেইটা চাহ সন্থাৰ যুটীয়া বৈঠকৰ পাছতে এই অভিযোগ উত্থাপন কৰে।
উজনি অসমৰ ভিন্ন ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতিনিধি বৰ্গ লগতে উত্তৰ পূবৰ বহু কেইটা চাহ সন্থাৰ উপস্থিতিত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত অসমৰ চাহৰ নিঃশেষ হোৱা
বিষয়ে বহু বিস্ফোৰক মন্তব্য কৰে।
অসম বটলিফ সন্হা সহ NETA, BCP সদস্য সকলৰ উপস্থিতি অনুষ্ঠিত হোৱা যুটীয়া বৈঠকৰ জৰিয়তে ভাৰতীয় চাহ পৰিষদৰ নানা ধৰণৰ ভুল নীতিৰ বাবেই অসমৰ চাহ উদ্যোগত ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰে।বৰ্তমান ভাৰতীয় টি বোৰ্ডৰ কিছু ভুল নীতিৰ বাবে ক্ৰমে নিম্ন দিশত অসমৰ কেঁচা পাতৰ মূল্য হোৱাৰৈ অভিযোগ কৰে ।
বৰ্তমান ৰাজ্যৰ ভিন্ন স্থানত বটলীফ ফেক্টৰী কতৃপক্ষই মাত্ৰ ১১ টকা দৰত চাহপাত ক্ৰয় কৰিছে। ইপিনে বহি ৰাষ্ট্ৰীয় চাহে দেশৰ বজাৰ ভৰি পৰাৰ বাবে অসমৰ উৎপাদিত চাহৰ চাহিদা হ্ৰাস কৰা বাবে বটলীফ ফেক্টৰী কতৃপক্ষই নূন্যতম মূল্যত চাহ ক্ৰয় কৰিব লগা হৈছে বুলি বৈঠকত উল্লেখ কৰে।
ইফালে ৰাজ্য চৰকাৰে অসমৰ চাহ উদ্যোগক লৈ লোৱা ভূমিকা সন্তোষজনক নহয় বুলি মন্তব্য প্ৰকাশ কৰে।
ৰাজ্য চৰকাৰে সুকীয়াকৈ চাহ উদ্যোগৰ বাবে মন্ত্ৰী দপ্তৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
আনহাতে ভাৰতীয় টি বোৰ্ডৰ জৰিয়তে মুক্ত অৰ্থনীতি ব্যৱসায়ত বহিঃ ৰাষ্ট্ৰীয় পৰা আমদানি হোৱা চাহ পাতৰ কোনো হিচাপ দিব পৰা নাই ইণ্ডিয়ান টি বোৰ্ডে।যাৰ বাবে ৰাজ্যৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কলৈ নামি আহিছে অন্ধকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *