গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দুটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইভেণ্টৰ প্ৰস্তুতিৰ পৰ্যালোচনা
আইচিচি মহিলা বিশ্বকাপ
ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্টৰ পূর্বে প্রস্তুতিত গুৰুত্বপূৰ্ণ বৈঠক
অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গোৰ্লোছাই মঙলবাৰে চলিত বৰ্ষৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দুটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইভেণ্টৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
অহা বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰীত টি-২০ লীগৰ খেল অনুষ্ঠিত হ’ব বুলি শইকীয়াই জানিবলৈ দিয়ে। মুখ্য সচিব কোটাই জনোৱা মতে, প্ৰতিযোগিতাসমূহৰ পূৰ্বে বিশ্বমানৰ আন্তঃগাঁথনি আৰু সুবিধাসমূহ নিশ্চিত কৰাৰ দায়িত্ব ৰাজহুৱা কাম বিভাগৰ সকলো শাখাক দিয়া হৈছে। ইভেণ্ট লজিষ্টিক, ভিৰ নিয়ন্ত্ৰণ, আৰু মসৃণ যান-বাহন প্ৰবাহ পৰিচালনাৰ বাবে পিডব্লিউডি আৰু যান-বাহন আৰক্ষীৰ পৰা নিবেদিত দল নিয়োগ কৰা হ’ব।