...

ভাৰত বাংলাদেশ সীমান্ত অস্থিৰ কৰাৰ পৰিকল্পনা !

Spread the love

ভাৰত বাংলাদেশ সীমান্ত অস্থিৰ কৰাৰ পৰিকল্পনা !

গোলকগঞ্জৰ ভাৰত-বাংলদেশ সীমান্তত যুৱক আটক

এয়াৰ গান আৰু মোবাইল উদ্ধাৰ

 

 

ধুবুৰী:

ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলদেশ সীমান্তৰ পৰা এজন যুৱকক আটক কৰে গোলক গঞ্জ আৰক্ষীয়ে।ধৃত যুৱক জনৰ পৰা এটা এয়াৰগান আৰু মোবাইল উদ্ধাৰ কৰে।
ধৃত যুৱক জন লক্ষীমাৰী নায়েৰছৰা গাঁৱৰ আলী হুচেইন বুলি জানিব পৰা গৈছে। বাংলদেশৰ মৌলবাদী সংগঠনৰ নাম লৈ বিভিন্ন জনক ভয় ভাবুকি প্ৰদানৰ অভিযোগত আটক কৰা হৈছে যুৱক জনক।
আনকি যুৱক জনৰ সৈতে বাংলাদেশৰ বিভিন্ন লোকৰ সৈতে জড়িত থকাৰ তথ্যও লাভ কৰিছে আৰক্ষী আৰু বিএছ‌ এফে।
ভাৰত বাংলাদেশ সীমান্তত এক অশান্ত পৰিৱেশ কৰাৰ পৰিকল্পনা ৰচিছিল বুলি যুৱক জনৰ বিৰুদ্ধে সন্দেহ ব্যক্ত কৰা হৈছে।উক্ত ঘটনাৰ সৈতে তেঁওৰ উপৰিও আৰু কেইবাজনো লোক জড়িত থকাৰ সম্ভাৱনা থকা বুলি গোলক গঞ্জ আৰক্ষীয়ে প্ৰকাশ কৰে।
উল্লেখ যে দুদিন পুৰ্বে ভাৰত বাংলাদেশ সীমান্তৰ বহু লোকৰ মোবাইলত ভাবুকি ভৰা ভয়েছ মেছেজ বাংলাদেশ জামাত ই ইছলামী সংগঠনে প্ৰেৰণ কৰিছিল।ভাৰত বাংলা সীমান্তৱৰ্তী এলেকাৰ সুযোগতে একাংশ লোকে বাংলাদেশৰ ছিম ব্যৱহাৰ কৰিও এই ভাবুকি প্ৰদান কৰাৰো সন্দেহ কৰিছিল আৰক্ষীয়ে।
সেয়ে বৰ্তমানে ধৃত আলী হুচেইন বেপাৰীক জেৰা অব্যাহত ৰাখিছে গোলকগঞ্জ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *