...

বিটিআৰত নিৰ্বাচনী গৰম বতাহ

Spread the love

 

 

বিটিআৰত নিৰ্বাচনী গৰম বতাহ

 

 

ভেৰগাঁৱত নিৰ্বাচনী হিংসা !
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰিবলগীয়া আধাৰশিলা
ভাঙি চুড়মাৰ কৰিলে অচিনাক্ত দুৰ্বৃত্তই

চাইন অন ডেস্ক:

বিটিআৰত নিৰ্বাচনী গৰম বতাহ চলি থকা সময়তেই , ভেৰগাঁৱত প্ৰাক নিৰ্বাচনী হিংসা আৰম্ভ । নিৰ্বাচনৰ দিন ঘোষণা নহৌওঁতেই ভেৰগাঁৱত আৰম্ভ হৈছে কুটিল ৰাজনীতি ৷ সমষ্টিতোত বিজেপি দলৰ ব্যাপক উত্থানত শংকিত একাংশই এতিয়া ভেৰগাঁও পৰিষদীয় সমষ্টিত সৃষ্টি কৰিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

বিধান সভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে শুকুৰবাৰৰ দিনটোত দিনটোত উদ্বোধন কৰিবলগীয়া কেইবাটাও আঁচনিৰ ফলক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে অচিনাক্ত দুৰ্বত্তৰ দলে।

আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমষ্টিতোৰ ডিমাকুছি শংকৰদেৱ শিশু নিকেতনৰ স্কুল বিল্ডিংৰ আধাৰশিলা , মহলীয়া পাৰাৰ পৰা ঘোগ্ৰাপাৰা পথ , বুদুৰা-ডোংপাৰা পথৰ আধাৰশিলা, ধোপগুৰি-কিষানবস্তি পথৰ আধাৰশিলা আৰু ৰান্দিংপাৰা-জুলামুখা পথৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আধাৰশিলা স্থাপন কৰা প্ৰাক্‌মুহুত্বত এনেদৰে দুটাকৈ আধাৰশিলাৰ নাম-ফলক ভাঙি পেলোৱাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজনীতি।আজি বিশ্বজিৎ দৈমাৰীয়ে ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবা কোটি

টকীয়া আঁচনিৰ শিলান্যাস কৰাৰ কথা আছিল। কিন্তু উদ্বোধনৰ পূৰ্বেই ভেৰগাঁও আৰু বুদুৰাত নাম-ফলক ভাঙি-চিঙি বিজেপিক মুকলি প্ৰত্যাহ্বান জনোৱা দেখা গৈছে সমষ্টিতোত ।

কিয়নো বিগত কিছুদিন ধৰি ভেৰগাঁও সমষ্টিত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে বিজেপিয়ে। বহুদিন ধৰি হাজাৰ-হাজাৰ লোকক বিজেপি দলত যোগদান কৰাই সাংগঠনিক স্থিতি মজবুট কৰিছে বিজেপিৰ । ইয়াকে লৈ শংকিত হৈ পৰা একাংশ অচিনাক্ত দুৰ্বৃত্তই মানসিক ভাৰসাম্য হেৰুৱাই এনে গৰ্হিত কাম কৰাৰ অভিযোগ তুলিছে বিজেপি দলে।

ঘটনাস্থলীত নিশাই ওদালগুৰি আইন প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ভেৰগাঁও আৰক্ষী প্ৰশাসনৰ লগতে ভেৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ হিংসাত্মক ঘটনাৰ সৈতে জড়িত লোকৰ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *