ডিব্ৰুগড়ত আংগনৱাদী কৰ্মীৰ ব্যাপক প্ৰতিবাদ
মুখ চিনাক্তকৰণ ব্যৱস্থাৰ (FCS) তীব্ৰ বিৰোধিতা
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ চৌকিডিঙীত বৃহস্পতিবাৰে শতাধিক আংগনৱাদী কৰ্মী আৰু সহায়িকাই কৰা এক বিশাল গণ প্ৰতিবাদত কঁপি উঠিল ৰাজপথ।শেহতীয়াকৈ মধ্যাহ্ন ভোজনৰ সময়ত, খাদ্য বিতৰণৰ সময়ত নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে মুখাবয়বৰ চিনাক্তকৰণ ব্যৱস্থা।আৰু ইয়াৰে তীব্ৰ বিৰোধিতা কৰি আংগনৱাদী কৰ্মী আৰু সহায়িকাই কামৰ গুণগত মানদণ্ড সঠিক কৰি
উন্নত মজুৰি দিবলৈকো দাবী জনায়।
অসম ৰাজ্যিক আংগনৱাদী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত আয়োজিত প্ৰদৰ্শনকাৰীসকলে, প্ৰতিবাদৰ সময়ত ক্ষোভ প্ৰদৰ্শন কৰি ক’লা বেজ পৰিধানৰে ব্যাপকপ্ৰতিবাদসাব্যস্ত কৰে।পোষণ ট্ৰেকাৰ এপৰ জৰিয়তে FRS ব্যৱহাৰ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে, প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল।যি এপৰ দ্বাৰা কৰ্মীসকলক উপকৃত ব্যক্তিৰ ফটো আৰু তথ্য আপলোড কৰিবলৈ কোৱা হৈছে। এই ব্যৱস্থা অনুসৰি যোৱা ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে, সমন্বিত শিশু উন্নয়ন সেৱা (ICDS) আঁচনিৰ অধীনত খাদ্য যোগান ধৰা।
অৰ্থাৎ উক্ত এপৰ জৰিয়তে সকলো চেহেৰাৰ মিলৰ পিছতহে খাদ্য বিতৰণ কৰা হয়।
এই ব্যৱস্থাটো অসমৰ গ্ৰাম্য অঞ্চলবোৰৰ বাবে অতি অসুবিধাজনক বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে এই প্ৰযুক্তিগত নিৰ্দেশনাৰ ফলত তেওঁলোকে সেৱা আগবঢ়োৱা অতি ভিতৰুৱা অঞ্চলত বহু সময়ত সমস্যাৰ সৃষ্টি কৰিব।
প্ৰতিবাদ স্থলীত এক আংগনৱাদী কৰ্মীয়ে কয়, এই নতুন ব্যৱস্থাটো আমাৰ বাস্তৱ জীৱনৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন। আমাৰ বহুতৰে স্মাৰ্টফোন কিনাৰ সামৰ্থ্য নাই আৰু যিসকলৰ আছে, তেওঁলোকেও দুৰ্গম গাঁওবোৰত দুৰ্বল ম’বাইল নেটৱৰ্কৰ বাবেই সংযোগ লাভ নকৰে।কেতিয়াবা অটিপিও নাহে। নিৰ্ভৰযোগ্য সংযোগ বা ম’বাইল ডাটা ৰিচাৰ্জৰ বাবে টকা নথকাকৈ ডাটা আপলোড আৰু চেহেৰা স্কেন কৰিবলৈ চৰকাৰে আমাৰ পৰা কেনেকৈ আশা কৰে বুলিও উল্লেখ কৰে।
উত্থাপিত আন এক গুৰুত্বপূৰ্ণ উদ্বেগৰ বিষয় হৈছে যে, আগতে এজন হিতাধিকাৰী বা উপকৃত ব্যক্তিয়েও মাতৃ বা শিশু উপস্থিত নথকাকৈ পৰিয়ালৰ যিকোনো এজন সদস্যই ৰেচন সংগ্ৰহ কৰিব পাৰিছিল।আনাহাতে যিসকলৰ বাবে এই আঁচনিখন তৈয়াৰ কৰা হৈছে ,এতিয়া নিদিষ্ট কৰি দিয়া এপৰ কঠোৰ ব্যৱস্থাৰ বাবে অনিবাৰ্যভাবে সেই ব্যক্তিসকলক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কৰিব।
পুৰণি ব্যৱস্থা অনুসৰি যদি এগৰাকী মাতৃ অসুস্থ থাকে, তেন্তে তাইৰ ভনীয়েকে বা মাকে তাইৰ শিশুৰ বাবে খাদ্য সংগ্ৰহ কৰিব পাৰে। এতিয়া, সেইটো অসম্ভৱ। চৰকাৰে নিশ্চিত কৰক যে কোনো ব্যক্তিক এই ক্ষেত্ৰত বঞ্চিত কৰা নহ’ব বুলিও প্ৰতিবাদ স্থলীত আংগনৱাদী কৰ্মীয়ে কয়।
এফ আৰ এছৰ প্ৰত্যাহাৰৰ বাহিৰেও ইউনিয়নে তেওঁলোকৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি দাবীৰ এক তালিকা দাখিল কৰে।ইয়াৰ ভিতৰত সকলো শ্ৰমিকক স্মাৰ্টফোনৰ ব্যৱস্থা কৰা, মোবাইল খৰচৰ মাহেকীয়া পৰিশোধ, বৰ্তমানৰ বজাৰৰ মূল্যৰ সৈতে খাদ্য খোৱাৰ খৰচৰ মিল ৰাখিবলৈ আইচিডিএছৰ বাবে বাজেট আবণ্টন বৃদ্ধি কৰা, আৰু তেওঁলোকৰ পাৰিতোষিক ধন যথেষ্ট বৃদ্ধি কৰা আদি অন্তৰ্ভুক্ত আছিল।
আনহাতে অসম কেবিনেটে পাৰিতোষিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত কৰ্মীসকলৰ মাহেকীয়া পাৰিশ্ৰমিক ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ আৰু সহায়িকাসকলৰ ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধিৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অনুমোদন দিয়া সত্ত্বেও প্ৰতিবাদকাৰীসকলে মানি লব বিছৰা নাই।তেওঁলোকে কৰ্মীসকলৰ বাবে ন্যূনতম ১২,০০০ টকা আৰু সহায়িকাসকলৰ বাবে ৭,০০০ টকাৰ দাবী জনাইছে।যোৱা জুলাই ২০২৩ লৈকে উপলব্ধ তথ্য অনুসৰি, অসমত ৬১,৭৩৮ টা আংগনৱাদী কেন্দ্ৰ আছে, য’ত ৬০,৫০৮ গৰাকী আংগনৱাদী কৰ্মী আৰু ৪৭,৪৮১ গৰাকী আংগনৱাদী সহায়িকা কৰ্মৰত।
